কৰ’নাৰ ভয়াবহতাৰ মাজতে অহা পহিলা ছেপ্টেম্বৰৰ পৰা অনানুষ্ঠানিকভাৱে প্ৰতিটো শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত যুগুত কৰা গাইডলাইন সম্পৰ্কত প্ৰয়োজনীয় মতামত দাখিলৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে মুকলি কৰিছে এটা ই-মেইল আই ডি ।
শিক্ষা বিভাগে মুকলি কৰা sopschoolopeningassam@gmail.com শীৰ্ষক ই-মেইলত এই সম্পৰ্কত অহা ২০ আগষ্টৰ ভিতৰত মতামত দাখিল কৰিব পাৰিব শিক্ষক তথা অভিভাৱসকলে । শিক্ষাবিভাগৰ সূত্ৰই জনোৱা মতে, শিক্ষানুষ্ঠানসমূহত যোৱা ১৬ মাৰ্চৰ পৰা বন্ধ আছে পাঠদান প্ৰক্ৰিয়া । ৰাজ্যৰ শিক্ষাৰ্থীসকলে এই পর্যন্ত ৮৫ দিন ক্ষতিৰ সন্মুখীন হৈছে । ইয়াৰ ফলত যাতে, ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অমূল্য শিক্ষাবৰ্ষটো নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অহা পহিলা ছেপ্টেম্বৰৰ পৰা পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লক্ষ্যৰে কেতবোৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে ।
এই নীতি নিৰ্দেশনাৰ চৰ্তাৱলীত সংযোজন তথা নিয়োজন সম্পৰ্কত মতামত দাখিলৰ বাবে শিক্ষা বিভাগে শিক্ষাবিদ, চিন্তাশীল ব্যক্তি তথা অভিভাৱকসকলক অহা ২০ আগষ্টৰ ভিতৰত নিৰ্দিষ্ট ই-মেইলত মতামত দাখিলৰ বাবে আহ্বান জনোৱা হৈছে।
কি আছে নীতি-নিৰ্দেশনাত ?
■ পাঠদান প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্রীসকল উপস্থিত থকাটো বাধ্যতামূলক নহয়।
■ অৱশ্যে বাধ্যতামূলকভাৱে পহিলা ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানত উপস্থিত থাকিব লাগিব প্ৰতিজন শিক্ষক-কৰ্মচাৰ ।
■ সম্পূৰ্ণ অনানুষ্ঠানিকভাৱে এই প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচৰা হৈছে।
■ প্ৰতিজন শিক্ষকে অহা ২৩ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত বাধ্যতামূলকভাৱে সম্পন্ন কৰিব লাগিব ক’ভিড পৰীক্ষা।
■ ক’ভিড পৰীক্ষাত ফলাফল নিগেটিভ অহা শিক্ষকসকলে এই সময়ছোৱাত পাঠদানৰ অনুমতি পাব।
■ বিষয়টো সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে নিশ্চিত কৰিব লাগিব।
■ অতিমাৰীৰ ভয়াবহতাৰ বাবে চতুৰ্থ শ্ৰেণী পর্যন্ত বন্ধ থাকিব পাঠদান প্ৰক্ৰিয়া।
■ পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত গুৰুকুল পদ্ধতিৰে মুকলি ঠাইত পাঠদান আৰম্ভ কৰিব বিচৰা হৈছে।
■ সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদানৰ সময়সীমা ৯০-১২০ মিনিটৰ অধিক হ’ব।
■ পাঠদান প্ৰক্ৰিয়াত ১৫ জনতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব।
■ প্ৰতি সপ্তাহৰ সোম আৰু শুক্ৰবাৰে পুৱা ন বজাৰ পৰা ১২ বজালৈ নৱম শ্ৰেণীৰ পাঠদান হ’ব ।