মুখ্যমন্ত্ৰী সমষ্টিৰ পৰাই ব্যৱহৃত নোহোৱাকৈ উভতি আহিল অভিলাসী আঁচনিৰ ধন

majuli

যিসময়ত মাজুলীক জিলা হিচাপে ঘোষণা কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ভিতৰতে এখন সৰ্বাংগ সুন্দৰ আৰু জৈব বৈচিত্ৰময় জিলা ৰূপে গঢ় দিবলৈ চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে মাজুলীৰ পৰা ব্যবহাৰ নকৰাকৈ ২০১৭-১৮ বৰ্ষৰ আনটাইড ফাণ্ডৰ ৩.৫০ কোটি টকা উভতি যোৱা বিষয়টো সহজভাবে ল’ব পৰা নাই মাজুলীবাসীয়ে ।

উল্লেখ্য যে চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীত মূখ্যমন্ত্ৰীৰ টি এণ্ড ডি বিভাগৰ পত্ৰ নং PD/DCP/25/2018/135 উদঙাইছে এই তথ্য। উক্ত চিঠিখনৰ মতে জিলা প্ৰশাসনে ২৫ ফ্ৰেব্ৰুৱাৰীত Memo noMPD(PR)6/2017/105 নিৰ্দেশ যোগে ২০১৭-১৮ বৰ্ষৰ আনটাইড ফ্ৰাণ্ডৰ পুজিৰে ৩.৫০ কোটি টকা ব্যয় সাপেক্ষে জেংৰাইমুখ, মাজৰ ডেউৰী, নয়াবজাৰ আৰু সোণোৱাল কছাৰীত নিৰ্মাণ কৰিবলগীয়া চাৰিটা প্ৰকল্পৰ পুঁজি ব্যবহাৰ নোহোৱাকৈ ঘুৰাই পথোৱা হৈছে।

আচঁনিখনৰ মতে ৫০ লাখ টকাৰে জেংৰাইমুখত মিচিং সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ, ৫০ লাখ টকাৰে মাজৰ দেউৰীত দেউৰী সাংস্কৃতিক প্ৰকল্প, সোণোৱাল কছাৰীত ৫০ লাখ টকাৰে সোণোৱাল কছাৰী সাংস্কৃতিক প্ৰকল্প, আৰু নয়াবজাৰত দুই কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আবাসগৃহ নিৰ্মাণৰ ধন আছিল। চাৰিখনকৈ আঁচনি কি কাৰণে ৰূপায়ণ কৰা নহ’ল সেইকথা কৌশলেৰে এৰাই চলিছে সংশ্লিষ্ট বিভাগে ।

বিভিন্ন জনগোষ্ঠীৰ সমন্বয় থলি মাজুলীত লোৱা আঁচনি কেইটা অতি গুৰুত্বপূৰ্ণ বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে মাজুলী বাসীক উপহাৰ দিয়া আঁচনি কেইটা ৰূপায়ণ নকৰাকৈ ঘুৰাই পথোৱা বিষয়টোত মূখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে মাজুলীবাসীয়ে ।

Exit mobile version