অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমিপূজনৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এই ভূমি পূজনত উমা ভাৰতী, যোগী আদিত্যনাথৰ লগতে আন বহু ধৰ্মীয় গুৰুয়ে ভাগ লয় । কৰ’না প্ৰতিৰোধৰ সকলো নীতি নিয়ম মানি অনুষ্ঠিত কৰা এই ভূমি পূজন সমগ্ৰ দেশবাসীৰ কাৰণে ঐতিহাসিক দিন ।
ইপিনে সীমিত সংখ্যক লোকেৰে অনুষ্ঠিত কৰা আজিৰ ৰাম মন্দিৰৰ ভূমি পূজনত আমন্ত্ৰিত লোকসকলক দিয়া হ’ব এক বিশেষ উপহাৰ ৷ অতিথিক প্ৰসাদৰ লগত ৰঘূপতি টিফিনত দিয়াৰ উপৰিও তীৰ্থক্ষেত্ৰৰ প্ৰতীক অংকিত ৰূপৰ মুদ্ৰা দিয়া হ’ব ৷
অন্যহাতে ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত লোকসকলক সম্বোধন কৰি কয় “মোৰ ইয়ালৈ অহাটো স্বাভাৱিক ৷ আজি সোমনাথৰ পৰা বিশ্বনাথ,বোধগয়াৰ পৰা সাৰনাথ,অমৃতসৰৰ পৰা কাশী বিশ্বনাথলৈ সকলো ৰাম ময় হৈ পৰিছে । কোটি কোটি ভাৰতীয়লৈ এই ঐতিহাসিক মূহুৰ্তৰ পৰাই প্ৰণাম তথা শুভেচ্ছা ৷ আজি সমগ্ৰ ভাৰত আবেগিক হৈ পৰিছে ৷ কোটি কোটি লোকৰ বছৰ বছৰ যোৱা অপেক্ষাৰ আজি অন্ত পৰিল । মোৰ সোভাগ্য যে মোক ৰাম জন্মভূমি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনালে ৷ গতিকে ৰাম মন্দিৰৰ ট্ৰাষ্টলৈ ধন্যবাদ জ্ঞাপন কৰিলো ।” লগতে মোদীয়ে কয় যে ভাঙি গৈ পুনৰ গঠন হোৱা পৰম্পৰাৰ যেন বহিঃপ্ৰকাশ ৰাম মন্দিৰ ।