কামৰূপ জিলাৰ শিঙিমাৰী ক’ভিড হস্পিতালত চিকিৎসাধীন হৈ থকা ছামনুল আলী ওৰফে মেলা (বয়স ২৬ ) নামৰ এগৰাকী কয়দী পলায়ন কৰা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিম্পল গয়াৰীৰ পৰা জানিব পৰা মতে, পলায়ন কৰা কয়দীগৰাকী বিভিন্ন ডকাইতিৰ লগতে এ টি এম চুৰি কাণ্ডতাে জড়িত হৈ আছিল ৷ বুধবাৰে নিশা প্ৰায় ৩ মান বজাত খিৰিকীৰ ৰ’ড ভাঙি কয়দীজনে পলায়ন কৰে ৷
উল্লেখ্য় যে, ৩১ জুলাইত মঙলদৈ জেলৰ পৰা শিঙিমাৰীৰ ক’ভিড হস্পিতালত ক’ভিড-১৯ পজিটিভ ৰোগী হিচাপে ভৰ্ত্তি কৰা হৈছিল ৷ চিকিৎসালয় খনত ৩৫ গৰাকী ক’ভিড-১৯ পজিটিভ কয়দী ভৰ্ত্তি হৈ আছে । আৰক্ষীয়ে কয়দীজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে কটকটীয়া নিৰপত্তা আৰু চি চি কেমেৰাৰ ব্যৱস্থা থকাৰ পিচতো কেনেদৰে কয়দীজন পলায়ন কৰিলে ইয়াকে লৈ সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷