সুৰা সম্ৰাট বিজয় মালিয়াৰ গোচৰত নতুন মোৰ

1568702336

সুৰাৰ লগতে বহু কেলেংকাৰীত জৰিত বিজয় মালিয়াৰ গোচৰত আহিছে নতুন মোৰ ৷ আজি উচ্চতম ন্যায়ালয়ত মালিয়াৰ গোচৰৰ শুনানি আছিল যদিও ৰহস্যময়ভাৱে মালিয়াৰ সকলো আৱশ্যকীয় নথি-পত্ৰ লুপ্ত হয়। ইয়াৰ লগে লগে মালিয়াৰ শুনানি পুনৰ পিছুৱাবলৈ বাধ্য হয় ন্যায়ালয় । ন্যায়াধীশ য়ুয়ু ললিত আৰু ন্যায়াধীশ আশোক ভূষণৰ বিচাৰপীঠে বিজয় মালিয়াৰ সন্দৰ্ভত ২০ আগষ্টত শুনানি দিব ৷ বিচাৰপীঠে ইন্টাৰভেশ্যন এপ্লিকেশ্যনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিছিল যদিও গোচৰৰ ফাইলটোৱেই লুপ্ত হৈ যায় ৷

সম্প্ৰতি মালিয়াৰ পক্ষই নতুন কপি দাখিল কৰিবলৈ ন্যায়ালয়ক সময় বিচাৰিছে ৷ ইয়াৰ পিছতে ন্যায়ালয়ে অনাগত ২০ আগষ্টৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে প্ৰায় ৯০০০ কোটি টকাৰ লেনদেনত অভিযুক্ত আছিল সুৰা সম্ৰাট বিজয় মালিয়া । ইপিনে কিছুদিন পূৰ্বে বিট্টিছ হাই কমিশ্যনাৰ চাৰ ফিলিপ ৱাৰ্টনে কয় “ব্ৰিটেইন চৰকাৰে সুৰা সম্ৰাট বিজয় মালিয়াৰ প্ৰত্যাৱৰ্তনৰ কাৰণে সময় সীমা ধাৰ্য কৰা নাই । লগতে তেওঁ কয় যে অপৰাধীয়ে দেশৰ সীমা পাৰ হ’লেই শাস্তিৰ পৰিমাণ হ্ৰাস পাব বুলি ভবাটো ভূল ।

আনহাতে মালিয়াই ব্ৰিটেইন চৰকাৰৰ সহায় বিচাৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত চাৰ ফিলিপ ৱাৰ্টনে কয় যে তেওঁলোকৰ চৰকাৰে এনেধৰণৰ বিষয়ত কেতিয়াও মন্তব্য নকৰে ৷ বিট্টিছ চৰকাৰ আৰু ন্যায়ালয়ে নিজৰ নীতি বিষয়ে জ্ঞাত । আনহাতে বিগত সময়ত ভাৰতে ব্ৰিটেইনক মালিয়াক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথাত সন্মতি প্ৰদান নকৰিবলৈ আহ্বান কৰিছিল ৷ অৱশ্যে ইয়াৰ পূৰ্বেই বিট্টেইনে ইংগিত দিছিল যে মালিয়া এতিয়াই ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ আশা ক্ষীণ ৷ ব্ৰিটেইনৰ মতে মালিয়াই ভাৰতলৈ অহাৰ আগত বহু আইনী মেৰপাক সমাধান কৰিব লাগিব।

Exit mobile version