ৰাম মন্দিৰ নিৰ্মাণ কৰিব পাৰিলেহে অযোধ্যাত ভৰি থ’ব ৷ এসময়ত এই প্ৰতিজ্ঞা কৰিছিল নৰেন্দ্ৰ মোডীয়ে ৷ ২৯ বছৰ অপেক্ষাৰ অন্তত তেওঁৰ সেই প্ৰতিজ্ঞা পূৰণ কৰিলে মোদীয়ে। নিজৰ প্ৰতি নিজ অংগীকাৰ পূৰণ কৰিবলৈ তেওঁ বহু পৰিশ্ৰম কৰিবলগীয়া হৈছে ৷ ইয়াৰ মাজতে ৰাম মন্দিৰ আন্দোলনত বহু লোকে প্ৰাণ হেৰুৱাইছে ৷ কিন্তু শেষ পৰ্যন্ত স্বপ্ন সফল হ’ল প্ৰধানমন্ত্ৰী মোদীৰ ৷
বুধবাৰে তেওঁৰ হাতেৰে স্থাপিত হ’ল ৰাম মন্দিৰৰ আধাৰশিলা ৷ শেষবাৰ যেতিয়া মোদীয়ে অযোধ্যাত ভৰি থৈছিল তেতিয়া তেওঁ আছিল বিজেপিৰ কনিষ্ঠ নেতা ৷ সেয়া আছিল ১৯৯১ চনৰ কথা ৷ মোদী তেতিয়া আছিল মুৰুলী মনোহৰ যোশীৰ ত্ৰিৰংগা ঐক্য যাত্ৰাৰ সামান্য আহ্বায়ক মাত্ৰ । সেই যাত্ৰাৰ আয়োজনৰ দায়িত্বত আছিল তেওঁ ৷ যাত্ৰাত অংশ লৈ অযোধ্যালৈ গৈছিল মোদী ৷
অযোধ্যাৰ স্থানীয় বাসিন্দাৰ দাবী সেই সময়ত মোদীক সোধা হৈছিল, পুনৰ কেতিয়া তেওঁ অযোধ্যালৈ আহিব? তেওঁ কৈছিল যদি কোনোবাদিনাখন ৰাম মন্দিৰ নিৰ্মাণ হয় তেতিয়া অযোধ্যালৈ আহিম ৷ বিগত বৰ্ষত তেওঁ অযোধ্যাৰ কাষেৰে ফৈজাবাদ আম্বেদকাৰ নগৰৰ সীমান্তলৈ নিৰ্বাচনী সমাবেশলৈ যাওঁতেও অযোধ্যালৈ যোৱা নাছিল ।