চি বি আইৰ তদন্তক লৈ শংকিত হৈছে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী

150049 untitled 1

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে চি বি আই তদন্তলৈ কেন্দ্ৰীয় চৰকাৰে সেউজ সংকেত দিয়াৰ পাছত শংকিত হৈ উঠিছে অভিনেতাজনৰ প্ৰাক্তন প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী। প্ৰকাশিত বাতৰি অনুসৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে শীঘ্ৰে ৰিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সম্ভাৱনা আছে। চি বি আয়ে সুশান্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব ল’ব বুলি বাতৰি প্ৰচাৰিত হোৱাৰ পাছতে সম্প্ৰতি আত্মগোপন কৰি থকা ৰিয়া শংকিত হৈছে।

ADVERTISEMENT

উল্লেখযোগ্য যে, সুশান্তৰ ১৫ কোটি টকা হৰলুকি কৰাৰ গোচৰতো ই ডি য়ে ইতিমধ্যে ৰিয়ালৈ চমন জাৰি কৰিছে। এফালে ই ডিৰ চমন আৰু আনফালে চি বি আইৰ অনুসন্ধানৰ কথা শুনাৰ পাছৰে পৰা ৰিয়া ‘পেনিক এটেক’ত ভোগা বুলিও অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠই এটা ৱেবচাইটত দাবী কৰিছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰিয়াই বিগত কেবাদিনো ধৰি পলাতক হৈ আছে বুলিও অভিযোগ উত্থাপিত হৈছিল যদিও আজি মুম্বাইস্থিত ই ডি ৰ কাৰ্যালয়ত উপস্থিত হয় ৰিয়া চক্ৰৱৰ্তী ।

উল্লেখ্য যে সুশান্তৰ পিতৃয়ে পাটনাত তৰা এক গোচৰৰ অনুসন্ধান চলাবলৈ বিহাৰ আৰক্ষীৰ এটি দল মুম্বাইত উপস্থিত হৈছিল যদিও দলটোৱে ৰিয়াৰ ভাষ্যগ্ৰহণৰ বাবে অভিনেত্ৰীগৰাকীৰ সন্ধান উলিয়াব নোৱাৰিলে।

Exit mobile version