মাজুলীত নিমিষতে চাই হ’ল তিনিটা বাসগৃহ

majuli

মাজুলীৰ কুলামুৱাত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত  তিনিটাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়। স্থানীয় লোকৰ ভাষ্য অনুসৰি মন পেগু নামৰ লোক জনৰ বাসগৃহত শ্বৰ্ট চাৰ্কিটৰ ফলত এই জুই সুত্ৰপাত ঘটি তিনিটাকৈ বাসগৃহলৈ সম্প্ৰসাৰণ হয় |

উল্লেখযোগ্য যে গাওখনলৈ দুৰ্গম যাতায়তৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাবলৈ উপায় নথকাত স্থানীয় ৰাইজৰ তৎপৰতা এই জুই নিৰ্বাপিত কৰে যদিও তিনিটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় |

Exit mobile version