আত্মনিৰ্ভৰশীল ভাৰতৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিশেষ পদক্ষেপ

rajnath singh new ani

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবৰ কাৰণে এক বৃহৎ পদক্ষেপ হাতত লয় । প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে বিদেশত নিৰ্মাণ হোৱা ১০১ বিধ অস্ত্ৰ শস্ত্ৰৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা হ’ব ৷ এতিয়াৰে পৰা এইসমূহ অস্ত্ৰ শস্ত্ৰ ভাৰততে নিৰ্মাণ হ’ব । ইয়াৰ অৰ্থ এইটোৱেই যে দেশৰ বজাৰক এতিয়াৰে পৰা শক্তিশালী কৰা হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ কাৰণে পাঁচটা স্তম্ভৰ কথা সদৰী কৰিছিল । ইয়াৰ ভিতৰত আছিল ইক’ন’মি, ইনফ্ৰাচষ্ট্ৰাকছাৰ, চিষ্টেম, ডেম’গ্ৰাফী, ডিমাণ্ড আৰু ছ’চিয়েল পেকেজ । প্ৰধানমন্ত্ৰীৰ এই পেকেজে আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰাত সহায় কৰিব । ইয়াৰ জৰিয়তে আমাৰ সাংগঠনিক কামসমূহো উন্নত হ’ব ৷

ইফালে ভাৰত আৰু চীনৰ মাজত শনিবাৰে এখন উচ্চ স্তৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকখন হয় প্ৰায় ৪.৩০ ঘন্টা ৷ আনহাতে এই বৈঠকখন ভাৰত চীন সীমান্তৰ এল এ চিত সেনা পিছুৱাক লৈ অনুষ্ঠিত হোৱা বুলি অনুমান কৰা হৈছে ।

Exit mobile version