চীনত বিউব’নিক প্লেগৰ সন্ত্ৰাস

Screenshot 28

কৰ’নাৰ পাছত চীনত এতিয়া বিউব’নিক প্লেগৰ সন্ত্ৰাস আৰম্ভ হৈছে।মংগোলীয়া সীমান্তৱৰ্তী ইনাৰ মংগোলীয়া স্বায়ত্তশাসিত অঞ্চলৰ বাওতোউ চহৰত এই প্লেগত ইতিমধ্যে এজন লোকৰ মৃত্যু হোৱা বুলি স্থানীয় প্ৰশাসনে স্বীকাৰ কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চহৰখনৰ লগতে পাৰ্শ্বৱৰ্তী বহু কেইখন গাঁৱলৈ চীনা প্ৰশাসনে যাতায়ত ব্যৱস্থা সীমিত কৰিছে । মৃত লোকজনৰ সংস্পৰ্শলৈ অহাসকলক ‘আইছ’লেছন’লৈ প্ৰেৰণ কৰা হৈছে ।চীনৰ চৰকাৰী সংবাদ সংস্থা জিনহুৱাই যোৱা জুলাইত ইনাৰ মংগোলীয়া দুজন লোক প্লেগত আক্ৰান্ত হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল ।

লোক দুজনে পাহাৰৰ নিগনি খোৱাৰ পাছতে প্লেগ ৰোগত আক্ৰান্ত হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল । মধ্যযুগত প্লেগত পাঁচ কোটিৰো অধিক লোকৰ মৃত্যু হৈছিল । পৰৱৰ্তী সময়ত এন্টিবায়’টিকৰ আৱিষ্কাৰ হোৱাৰ পাছত প্লেগত হোৱা মৃত্যুৰ সংখ্যা ৰোধ কৰিব পৰা হৈছিল । কিন্তু বিউব’নিক প্লেগক এতিয়াও নিৰ্মূল কৰিব পৰা হোৱা নাই । সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থাই প্লেগৰ প্ৰত্যাৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰিছে ।

Exit mobile version