প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিকাশৰ কাৰণে এক লাখ কোটিৰ ফাণ্ড মোকলাই দিছে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কৃষি যোজনাৰ অধীনত চাৰে আঠ কোটি কৃষকৰ একাউণ্টত ১৭ হাজাৰ টকাকৈ টান্সফাৰ কৰিছে ৷ এই অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ উপস্থিত আছিল ।
লগতে দেশৰ বিভিন্ন ৰাজ্যৰ কৃষক, সাধাৰণ নাগৰিকো অনলাইনৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ দিনটো বহুত সফল ৷ লগতে মোদীয়ে নৰেন্দ্ৰ সিং তোমৰক চুটীৰ দিনাও অনুষ্ঠানত অংশ লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷
ভগৱান বলৰামৰ জন্মদিনৰ শুভক্ষণত দেশৰ কৃষকসকলৰ কাৰণে এক কোটিৰ ফাণ্ড জাৰি কৰিছে ৷ ইয়াৰ দ্বাৰা গাঁৱৰ লোক সকলে কৰ্মসংস্থাপন লাভ কৰিব৷ ৮.৫ কোটি কৃষকৰ একাউণ্টত ১৭হেজাৰ কোটি আবন্টন দিয়া হৈছে। বিগত বৰ্ষত ক্ষুদ্ৰ খেতিয়কসকলক শক্তিশালী কৰিবৰ কাৰণে প্ৰসায় কৰা হৈছে ।
ইফালে দেশত প্ৰথম কৃষক ৰেল আৰম্ভ হৈছে মহাৰাষ্ট্ৰ আৰু বিহাৰ পৰা। মহাৰাষ্ট্ৰৰ পৰা বিভিন্ন ফল, পিয়াঁজ লৈ ৰেল বিহাৰলৈ আহিব । তাৰ পৰা লিচু , শাক-পাচলি লৈ ওভতিব । সম্পূৰ্ণ এয়াৰ কণ্ডিচ্যনাৰ ৰেলখনৰ পৰা মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ কৃষকসকলৰ লাভ হ’ব ।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ অধীনত ৮.৫ কোটি কৃষকক ২-২ হাজাৰ টকাৰ কিস্তী লাভ কৰিব । ইয়াৰ অধীনত কৃষকৰ মাজত ১৭ হাজাৰ কোটি টকা ভগাই দিয়া হৈছে ৷ প্ৰধানমন্ত্ৰী কৃষি আঁচনিৰ অধীনত কৃষকক এবছৰত ৬০০০ টকা ৩ টা কিস্তিত দিয়ে ৷