সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ নতুন তথ্য ফাদিল

Sushant Singh Rhea Chakraborty Vividrage

সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ কিছুদিন পূৰ্বে অভিনেতাজনৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ লগত হৈছিল বিবাদ ।আৰু এই বিবাদে মাৰপিটৰ ৰূপ লৈছিল ৷ এই তথ্য সদৰী কৰিছে মুম্বাইৰ পুলিচৰ এক বিশেষ সূত্ৰই। সূত্ৰটোৱে সদৰী কৰা অনুসৰি দুয়োজনৰ পৰিয়ালক লৈ হোৱা এই বিবাদৰ পিছত ৰিয়াই সুশান্তৰ ঘৰ এৰি গুচি গৈছিল। আৰু অভিনেতাজনৰ নম্বৰো ব্লক কৰিছিল । আনহাতে কিছুদিন পূৰ্বে মুম্বাইৰ এজন আৰক্ষী অধীক্ষকে ৰিয়া আৰু সুশান্তৰ সম্পৰ্কক লৈ মন্তব্য কৰিছিল যে ৮ জুনত ৰিয়াই সুশান্তৰ ঘৰ এৰি গুচি গৈছিল ৷কাৰণ ৰিয়াই নিজেই হতাশাৰ সন্মুখীন হৈছিল। ৰিয়াৰ মানসিক স্থিতি সুস্থিৰ নাছিল।

আৰক্ষী অধীক্ষকজনৰ মতে ৰিয়াৰ লগত হোৱা কথা বতৰাত প্ৰমাণ হৈছিল যে সুশান্তৰ লগত তেওঁৰ সম্পৰ্ক ভাল নাছিল। ৰিয়াই আৰক্ষীক সুশান্তৰ মানসিক অসুখৰ কথা কোৱাৰ লগতে চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনো দেখুৱাইছিল ৷ইফালে বিগত সময়ত সুশান্ত সিং ৰাজপুতৰ ফোন ক’লৰ তালিকাৰ মতে ৮ জুনৰ পৰা ১৪ জুনলৈ অৰ্থাৎ অভিনেতাজনে আত্মহত্যা কৰালৈকে এবাৰো ৰিয়াৰ লগত যোগাযোগ কৰা নাছিল ৷আনকি দুয়োজনৰ মাজত কোনো ধৰণৰ মেছেজতো মত বিনিময় হোৱা নাছিল।

১০ দিন পূৰ্বে বিহাৰ পুলিচৰ লগত সুশান্তৰ ভগ্নী মীতুয়ে সুশান্ত আৰু ৰিয়াৰ মাজত সততে হৈ থকা বিবাদৰ কথা সদৰী কৰিছিল। সুশান্তৰ ভগ্নী মীতুৰ মন্তব্য অনুসৰি ৮ জুনত ৰিয়াই তেওঁক ফোন কৰি কয় যে সুশান্তৰ লগত তেওঁৰ কাজিয়া হৈছে। ইয়াৰ পিছত ৰিয়া সুশান্তৰ ঘৰ এৰি গুচি যায় ।

ৰিয়াই যাবৰ সময়ত সুশান্তক কৈছিল যে তেওঁ আৰু কেতিয়াও ওভতি নাহে ।৮ জুনৰ পৰা মীতু সুশান্তৰ লগত থাকে যদিও ১২ জুনত নিজৰ ঘৰলৈ যায়গৈ সুশান্তৰ ভগ্নী মীতু ৷উল্লেখযোগ্য যে ১৪ জুনত সুশান্ত সিং ৰাজপুতে নিজৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে। কিন্তু ইয়াৰ পিছতো এবাৰলৈ ৰিয়া সুশান্তৰ ঘৰত উপস্থিত নহ’ল ।আনকি সুশান্তৰ পৰিয়ালৰ কোনো এজন সদস্য বা সুশান্তৰ ঘৰৰ কৰ্মচাৰীসকলকো সাক্ষাৎ নকৰিলে ৰিয়াই৷ অৱশ্যে পিছদিনা ৰিয়া সুশান্তক মৰণোত্তৰ পৰীক্ষা কৰোৱা কুপৰ চিকিৎসালয়লৈ যায় ৷

ৰিয়াৰ অধিবক্তা সতীশ মানশিন্দেৰ মতে ৰিয়াক সুশান্তৰ অন্তিম সৎকাৰত অংশ ল’বলৈ দিয়া নহ’ল। সতীশৰ মতে কৰ’না ভাইৰাছৰ কাৰণে কেৱল ২০ জন লোকহে অংশ লোৱাৰ কাৰণে তালিকাৰ পৰা ৰিয়াৰ নামটো আঁতৰাই দিয়া হ’ল। আনহাতে এক বিশেষ সূত্ৰৰ মতে সুশান্তৰ পৰিয়ালে পছন্দ নকৰে ৰিয়াক ।কিন্তু কাৰণ যিয়েই নহওক সুশান্তৰ সন্দৰ্ভত ফাদিল হোৱা নিত্য নতুন তথ্যই সকলোকে সচকিত কৰিছে ৷

Exit mobile version