আত্মনিৰ্ভৰশীলতাৰে জীৱন যুদ্ধত অগ্ৰসৰ চন্দ্ৰপুৰৰ দুই ভগ্নী

705aa1ce c546 44d3 926d d4da70d4c91d

আত্মনিৰ্ভৰশিল অসমৰ অন্যতম উদাহৰণ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ দুই ভগ্নী। চন্দ্ৰপুৰৰ তাঁতীমাৰা গাঁৱৰ দুই ভগ্নী চুমন কলিতা আৰু সংগীতা কলিতা বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ স্বৰূপ। চাকৰিৰ আশাত বন্দী নহৈ জেষ্ঠ ভগ্নী চুমনে কাপোৰ চিলাই কৰি আৰু কনিষ্ঠ ভগ্নী সংগীতাই মেকআপ আৰ্টিষ্ট ৰূপে নিজকে স্বাৱলম্বী কৰি তুলিছে। পিতৃহাৰা দুই ভগ্নীয়ে স্বাৱলম্বীতাৰে মাতৃৰ সৈতে নিজৰ তিনিজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণৰ দ্বায়িত্ব বহন কৰি আছে।

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ চুমনে ঘৰুৱা অসুবিধাৰ বাবে শিক্ষা সমাপ্ত কৰি উপাৰ্জনৰ পথ বাছি লয়। আনহাতে স্নাতক উত্তীৰ্ণ সংগীতাই মেকআপ আৰ্টিষ্ট ৰূপে উপাৰ্জনৰ পথ বাছি লয়। এই সন্দৰ্ভত সংগীতাই কয়, “আমাৰ খেতিৰ মাটিও আছে। য’ত আমি মানুহ লগাই খেতি কৰো। কিন্তু সেইখিনিৰে আমাৰ তিনিজনীয়া পৰিয়ালটো চলিবলৈ অসমৰ্থ। ঘৰুৱা অসুবিধাৰ বাবে বাইদেউয়ে পঢ়া বাদ দি মোক পঢ়ুৱালে। মই চাকৰি বিচাৰিছিলো যদিও নাপালোঁ।

বাইদেউৰ সামান্য উপার্জনেৰে চলিবলৈ অসুবিধা হোৱাত মইও চাকৰিৰ আশা এৰি স্বাৱলম্বীতাৰে উপার্জন কৰাৰ সিদ্ধান্ত লৈছোঁ।” দুই ভগ্নীৰ উপার্জনেৰে ঘৰখন চলি আছিল যদিও তলাবন্ধৰ বাবে তেওঁলোকৰ যথেষ্ট প্ৰভাৱ পৰিছে বুলি জানিবলৈ দিয়ে সংগীতাই। চলিত বৰ্ষত বিয়াৰ বাবে সংগীতাই কেইবাটাও অৰ্ডাৰ লাভ কৰিছিল। কিন্তু ইয়াৰে অধিকাংশ বিয়া বাতিল হোৱাত সংগীতাৰ উপাৰ্জনত যথেষ্ট ক্ষতি হৈছে। বিয়াৰ অৰ্ডাৰৰ বাবে লোৱা আগধনো ওভতাই দিব লগা হৈছে সংগীতাই।

লগতে তলাবন্ধৰ বাবে জেষ্ঠ ভগ্নী চুমনৰো কাপোৰ চিলাইৰ অৰ্ডাৰ হ্ৰাস পাইছে বুলি কয় সংগীতাই। তথাপি জীৱন যুদ্ধত কষ্টৰে হ’লেও আগবাঢ়ি যাবলৈ দৃঢ়প্ৰতিজ্ঞ দুয়ো ভগ্নী। উল্লেখ্য যে, সংগীতাই নিজাকৈ এটা মেকআপ ইনষ্টিটিউচন খোলাৰো সপোন পুহি ৰাখিছে।সম্প্ৰতি মহামাৰী কৰ’নাৰ ত্ৰাস শেষ হৈ সোনকালে সুস্থিৰ পৰিবেশ ঘূৰি আহিলেই পুনৰ পূৰ্বৰ উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী দুয়ো ভগ্নী।

Exit mobile version