পলকতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

image

লেবাননৰ বেইৰুটত হোৱা ভয়ংকৰ বিস্ফোৰণৰ প্ৰকৃত কাৰণ ব্যাখ্যা কৰিব নোৱাৰি চৰকাৰ ভংগৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰী হাছান ডাবেই ।উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হোৱাৰ পিছত তীব্ৰ প্ৰতিবাদ কৰিছিল সাধাৰণ লোকে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এখন প্ৰেছ মিটত অংশ লৈ থাকোঁতেই গুলীবৰ্ষণ হয় হোৱাইট হাউচৰ বাহিৰত ৷অৱশ্যে নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সুৰক্ষিত স্থানলৈ লৈ যায় ।সম্প্ৰতি আমেৰিকাত স্থিতি নিয়ন্ত্ৰিত।

মুখ্যমন্ত্ৰী পদৰ বাবে মই বিৰোধিতা কৰাৰ নাছিলো ৷এই মন্তব্য শচীন পাইলটৰ। আনহাতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক সাক্ষাতৰ পিছত শচীনৰ এই মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিছে ৷

নতুন দিল্লীত NSCN মুইভা গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত নগা চুক্তিৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়োপক্ষৰ মাজত নগা শান্তি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

৬নং দফাৰ সন্দৰ্ভত স্পষ্ট মতামত দিবলৈ এক সংবাদমেল যোগে চৰকাৰক আহ্বান জনালে আছুয়ে। ৫০০ সংগঠন আৰু ব্যক্তিৰ লগত আলোচনা কৰি এই চূড়ান্ত প্ৰতিবেদন তৈয়াৰ কৰা হৈছিল ৷ সম্প্ৰতি আছু নেতৃত্বই অচিৰেই এই বিষয়ৰ সন্দৰ্ভত সকলো ৰাজহুৱা কৰিবলৈ আহ্বান কৰে ।

Exit mobile version