পুত্ৰৰ দৰে কন্যাও পাব পিতৃৰ সম্পত্তিৰ ভাগঃ উচ্চতম ন্যায়ালয়

1590500493 Supreme Court Reuters1 640

দেশৰ উচ্চতম ন্যায়ালয়ৰ এক বিশেষ সিদ্ধান্ত ৷এতিয়াৰ পৰা পুত্ৰৰ দৰে কন্যাও পাব পিতৃৰ সম্পত্তিৰ ভাগ। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে দিয়া এই সিদ্ধান্তক সকলোৱে আদৰি লৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰাই এই সিদ্ধান্তৰ সন্দৰ্ভত কয়” কন্যাও পুত্ৰৰ দৰে সমান অধিকাৰ পাব লাগে ৷ কন্যা সদায়েই কন্যায়ে ৷বিয়া নোহোৱালৈকে এজনী ছোৱালী এখন ঘৰৰ পুত্ৰৰ দৰেই হয়। গতিকে এতিয়াৰ পৰা পুত্ৰৰ দৰে কন্যাও পাব সম্পত্তিৰ ভাগ ৷ এতিয়াৰ পৰা পিতৃৰ মৃত্যুৰ পিছত বা আগত কন্যাই পিতৃৰ সম্পত্তিৰ পৰা বঞ্চিত নহয় ৷

 

 

Exit mobile version