জম্মু কাশ্মীৰত সেনা সন্ত্ৰাসবাদীহৰ সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী

download 4

বুধবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত এটা সন্ত্ৰাসবাদীৰ নিহত হয় হোৱাৰ লগতে শ্বহীদ হয় এজন ভাৰতীয় সেনা । এক গোপন সূত্ৰৰ জৰিয়তে পুলৱামাত সন্ত্ৰাসবাদী থকাৰ তথ্য লাভ কৰাৰ পিছতে ভাৰতীয় সেনা অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে সেনাই লক্ষ্য কৰি গুলীয়াবলৈ ধৰে ৷

ইয়াৰ পিছতে সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী । সম্প্ৰতি অঞ্চলটোত সেনাই সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । আনহাতে পুলৱামাৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি নিহত সন্ত্ৰাসবাদীৰ মৃতদেহ ভাৰতীয় সেনাৰ লগতে আছে ৷ ইপিনে এই সংঘৰ্ষত এজন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ লগতে আন এজন আহত হয় । আহত সেনা জনক চিকিৎসাৰ কাৰণে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পূৰ্বে জম্মু কাশ্মীৰৰ আৰক্ষীয়ে কুপৱাড়াৰ পৰা হিজবুল মুজাহিদ্দীনৰ ৪ টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। লগতে বহু অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ কৰিছিল। উল্লেখযোগ্য যে বিগত ৬মাহত ৪টা মুখ্য সন্ত্ৰাসবাদী সংগঠনৰ প্ৰধানসকল ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে । চলিত বৰ্ষৰ জুনত জম্মু কাশ্মীৰৰ পুলিচৰ গুলীত হিজবুল মুজাহিদ্দীন আৰু ইছলামিক ষ্টেটৰ লগত জৰিত তিনিটা সন্ত্ৰাসবাদী নিহত হয় ।

Exit mobile version