ফান্স, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড ভ্ৰমণ কৰিছিল ৰিয়াই, আছিল বহু হাইপ্ৰফাইল সপোন

Rhea Chakraborty threat case 759

সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক সম্প্ৰতি অভিনেতাজনৰ ১৫ কোটি টকাৰ লেনদেন সন্দৰ্ভত ইডিয়ে জেৰা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ৰিয়াৰ ২০১৯ চনৰ ১০ আগষ্টৰ পৰা চলিত বৰ্ষৰ ২৫ ফ্ৰেব্ৰুৱাৰীলৈকে ভ্ৰমণ কৰা এখন তালিকা ৷ তালিকা অনুসৰি ৰিয়াই ফান্স, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰিছিল । এই সময়তে ৰিয়াৰ এটা পুৰণি সাক্ষাৎকাৰ পোহৰলৈ আহিছে ।

সাক্ষাৎকাৰটোত ৰিয়াই কৈছিল “মই আইলেণ্ড ক্ৰয় কৰিব বিচাৰো, ব্যক্তিগত বিমান ক্ৰয় কৰিব বিচাৰো, মই বিচাৰো যে মোৰ নিজৰ এখন হোটেল হওক।” সম্প্ৰতি ৰিয়াৰ এই ভিডিঅ’টি ভাইৰেল হোৱাৰ পিছত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ৰিয়া । এজনে কৈছে” আপোনাৰ ওচৰত পইচা আছে যদি কিনক, বেলেগৰ পইচাৰে নহয় ৷”

অন্য এজনে কৈছে “অতিশীঘ্ৰেই এক ফাইভ ষ্টাৰ হোটেলত আপুনি যাব ৷ আমি ভাৰতীয় লোকসকলে বিল পৰিশোধ কৰিম ৷ আৰু সেই হোটেলখনৰ নাম হ’ব জেইল ৷ খোৱা, শোৱা সকলো বিনামূলীয়া ৷” আনহাতে বিগত দুবছৰত ৰিয়াই বহু টকা উপাৰ্জন কৰে । লগতে প্ৰায় তিনিকোটি টকাৰ সম্পত্তি একত্ৰিত কৰে ৰিয়াই ।

আনহাতে সুশান্ত, গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃয়ে মিলি দুটা কোম্পানী আৰম্ভ কৰিছিল । ৰিয়াৰ ভাতৃ শৌৱিক আছিল কোম্পানীটোৰ সঞ্চালক । উল্লেখযোগ্য যে ২৫ জুলাইত সুশান্তৰ পিতৃয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে পাটনা ৰাজীৱ নগৰ পুলিচ ষ্টেশ্যনত এখন এফআইআৰ দাখিল কৰে । এই এফআইআৰত ৰিয়া চক্ৰৱৰ্তী, পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তী, মাতৃ সন্ধ্যা চক্ৰৱৰ্তী, ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু দুজন মেনেজাৰৰ বিৰুদ্ধে গোচৰ দিছিল সুশান্তৰ পিতৃয়ে  ৷ সম্প্ৰতি ৰিয়াৰ পৰিয়াল চিবিআই আৰু ইডিয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version