স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাজান মহকুমাত আৰক্ষীয়ে নিশ্চিদ্ৰ তালাচী চলোৱাৰ মাজতেই আজি খটখটীৰ লাৱন্য পাৰ্কিং নামৰ এটা ট্ৰাক পাৰ্কিং আস্থানৰ পৰা দুই লক্ষাধিক মূল্যৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷
বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসে জনোৱা মতে, গোপন সূত্ৰৰ পম খেদি চলা আৰক্ষীৰ অভিযানত চাবোনৰ বাকচত সুমুৱাই অনা এই ব্ৰাউন চুগাৰখিনি জব্দ কৰা হয় আৰু ইয়াৰ ওজন প্ৰায় ৪৫ গ্ৰাম ৷ আৰক্ষীয়ে উক্ত ড্ৰাগছ সহ আটক কৰা সৰবৰাহকাৰীজন হ’ল মণিপুৰৰ কাংলাটম্বিৰ ৰমেশ ছেত্ৰী ৷
আৰক্ষীৰ সূত্ৰ অনুসৰি মণিপুৰৰ পৰা ট্ৰাকত আহি সৰবৰাহকাৰীজন উক্ত পাৰ্কিঙত নামি কোনো লোকক বিক্ৰীৰ বাবে ৰৈ থকা অৱস্থাতেই আৰক্ষীৰ জালত পৰে ৷ সৰবৰাহকাৰীজনক আদালতত হাজিৰ কৰি জেললৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে খটখটী আৰক্ষীয়ে ৷