ৰাছিয়াৰ কৰ’না ভাইৰাছ ভেকচিন ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ লোকসকলক প্ৰয়োগ কৰা হ’ব । এই তথ্য জনালে ৰাছিয়াৰ স্বাস্থ্য বিশেষজ্ঞই । স্বাস্থ্য বিশেষজ্ঞৰ মতে ৬০ বছৰৰ অধিক বয়সৰ লোকৰ শৰীৰত এই ভেকচিনৰ প্ৰয়োগৰ ক্ষেত্ৰত আৰু অধিক অধ্যয়নৰ প্ৰয়োজন । গৱেষক গৰাকীৰ মতে, ‘ৰাছিয়াৰ এই ভেকচিনৰ পৰীক্ষণ জন্মৰ পৰা ১৮ বছৰৰ, ১৮ বছৰৰ পৰা ৬০ বছৰৰ আৰু ৬০ ৰ পৰা ওপৰৰ বয়সৰ পৰ্যায়ৰ পৰীক্ষণ কেৱল ১৮ -৬০ বছৰৰ বয়সৰ স্বেচ্ছাসেৱকৰ শৰীৰতে কৰা হৈছে । সেই অনুযায়ী এই ভেকচিন কেৱল ১৮-৬০ বছৰ বয়সৰ লোকৰ দেহতে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।’
আনহাতে, গামালিয়া চাইন্টিফিক ৰিচাৰ্ছ ইনষ্টিটিউট অৱ এপিডেমীলজী এণ্ড মাইক্ৰবায়লজীৰ অধ্যক্ষ আলেকজেণ্ডাৰ কয় যে তেওঁ এই ভেকচিন নিজৰ শৰীৰত প্ৰয়োগ কৰিছে আৰু তেওঁ এই ভেকচিনক লৈ খুবেই আশাবাদী ।উল্লেখ্য যে তেওঁৰ বয়সো ষাঠিৰ্উদ্ধৰ ।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে উল্লেখ কৰে যে ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ ১ আগষ্টত সম্পূৰ্ণ হৈছে । ভেকচিন প্ৰয়োগ কৰা সকলো স্বেচ্ছাসেৱক বৰ্তমান ঠিকেই আছে । কাৰো ক্ষেত্ৰত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখা দিয়া নাই । ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰী মিখাইল মুৰাছকে জনায় যে এই ভেকচিন প্ৰথম দুই সপ্তাহৰ ভিতৰতে সকলো সম্পূৰ্ণ হ’ব আৰু চিকিৎসকৰ সহায়ত জনসাধাৰণক প্ৰয়োগ কৰা হ’ব ।