প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ পুনৰ সৰৱ হৈছে কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধী ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ আগষ্টৰ ভাষণত চীনৰ নাম নোলোৱাক লৈ কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰত চীন সীমান্ত গালৱান ঘাটিত চীনে ভাৰতৰ প্ৰতি কৰা দুব্যৱহাৰৰ পিছতো প্ৰধানমন্ত্ৰীয়ে চীনৰ নাম কিয় নলয়? প্ৰধানমন্ত্ৰীৰ ভয়াতুৰ স্বভাৱৰ কাৰণে চীনে আমাৰ মাটিত আধিপত্য বিস্তাৰ কৰিব পাৰিছে ৷
ইফালে কংগ্ৰেছ প্ৰবক্তা ৰণদ্বীপ সুৰজেৱালাৰ মত অনুসৰি আমাৰ ওচৰত থকা শক্তিৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে । কংগ্ৰেছৰ লগতে ১৩০ কোটি ভাৰতীয়ৰ ভাৰতীয় জোৱানসকলৰ ওপৰত বিশ্বাস আছে৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত চীনৰ নাম ল’বলৈ কিয় পাহৰি যায়। কংগ্ৰেছে লগতে কয় যে ভাৰত চীন সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পৰোক্ষভাৱেহে চীনৰ নাম লৈছে ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰীয় নেতা মনীষ তিৱাৰী য়ে শনিবাৰে টুইটযোগে কয় যে চীনৰ আমাৰ মাটিত আধিপত্য বিস্তাৰ কৰিলে আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ এবাৰলৈও চীনৰ নাম ল’বলৈ সাহস নাই ৷তিৱাৰীয়ে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে যে তেওঁ কেনেধৰণৰ নেতা।
উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰা এইয়াই প্ৰথম নহয় পূৰ্বতেও বিভিন্ন প্ৰসংগক লৈ গান্ধীয়ে মোদীক কটাক্ষ কৰি আহিছে। ভাৰত চীন সীমান্তৰ গালৱানত দুয়ো দেশৰ সেনাৰ মাজত হোৱা যুদ্ধত ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাই।
আনহাতে চীনৰো কমেও ৪০ জনে প্ৰাণ হেৰুৱাই । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদী ভাৰত চীন সীমান্তত গৈ চীনৰ নাম নোলোৱাকৈও হুংকাৰ দিয়ে যে আমাৰ দেশলৈ চকু দিয়া অশুভ শক্তিক উচিত প্ৰত্যুত্তৰ দিব ভাৰতীয় সেনাই । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ সীমান্তত কোনো বিদেশী আহি সোমোৱা নাই । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীক একাধাৰে সমালোচনা কৰি আহিছে ৰাহুল গান্ধীয়ে।