সময় থাকোতেই আমি পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে কৰ’নাৰ সন্ত্ৰাস অনাগত কিছু বছৰৰ কাৰণে থাকিবঃ এন্থনী ফ’চী

AP20109645781421

কৰ’না ভাইৰাছৰ ভেকচিনক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ শীৰ্ষ ৰোগ বিশেষজ্ঞসকলৰ অন্যতম এন্থনী ফ’চীয়ে কয় যে কৰ’না ভাইৰাছৰ ভেকচিন ১০০ শতাংশ যে ৰোগ নিৰাময়ৰ কাৰণে উপযুক্ত হ’ব সেয়া সন্দেহ আছে ৷ কিন্তু সামান্য পৰিমাণৰ ভেকচিন এটা বছৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে যথেষ্ট হ’ব।

ADVERTISEMENT

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰসংগ উত্থাপন কৰি এন্থনী ফ’চীয়ে কয় যে যদি অনাগত বৰ্ষৰ আৰম্ভণিতে যদি কৰ’নাৰ ভেকচিন উপলব্ধ হয় তেন্তে অনাগত বৰ্ষৰ শেষলৈ কৰ’না ভাইৰাছক নিয়ন্ত্ৰিত কৰিব পৰা যাব। যদি ২০২১ লৈ কৰ’নাৰ ভেকচিন উপলব্ধ হয়, তেন্তে বৰ্ষটোৰ শেষত কৰ’নাৰ পৰা সামান্য হ’লেও পৰিত্ৰাণ পাব পাৰিব । গতিকে ইতিহাস সৃষ্টি কৰা এই ভাইৰাছক নিঃশেষ কৰিবৰ কাৰণে কিমান দিন লাগিব সেয়া নিশ্চিত হ’ব লাগিব ৷

লগতে এন্থনী ফ’চীয়ে “কৰ’না ভাইৰাছৰ এই সন্ত্ৰাস ২০২৪ লৈকে নাথাকে ৷ মই ভাবো ২০২১ ৰ শেষত কৰ’নাৰ সন্ত্ৰাস নোহোৱা হ’ব। আনহাতে যদি সময়ত থাকোতেই আমি পৰিস্থিতি নিয়ন্ত্ৰণ নকৰো তেন্তে কৰ’নাৰ ভাইৰাছৰ এই সন্ত্ৰাস অনাগত কিছু বছৰৰ কাৰণে থাকিব ৷ উল্লেখযোগ্য যে সম্প্ৰতি কৰ’নাৰ ভেকচিন সন্দৰ্ভত ৰাছিয়াই ভেকচিন তৈয়াৰ কৰি বিশ্বত বিতৰণ কৰাৰ সন্দৰ্ভত প্ৰস্তুতি চলোৱা কথা দাবী কৰিছে ৷ কিন্তু ৰাছিয়াৰ ভেকচিনক সহজ ভাৱে লোৱা নাই বিশ্ব স্বাস্থ্য সংস্থাই।

আনহাতে ৰাছিয়াই দাবী কৰা অনুসৰি ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল ১০০ শতাংশ সফল হৈছে । পুটিনৰ কন্যাৰ দেহতো দিয়া হৈছে কৰ’নাৰ ভেকচিন ৷ যিসকল লোকে এই ভেকচিন লৈছে তেওঁলোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে ৷ ইপিনে হুৰ আশংকা যে যিসকলৰ এন্টীব’ডিজ তৈয়াৰ হৈ আছে সেইসকলৰ কাৰণে এই ভেকচিন বিপদজনক হ’ব পাৰে। ৰাছিয়াৰ ৰোগ সংক্ৰমক বিশেষজ্ঞ আলেকজেণ্ডাৰ চেপুৰন’বে এই ভেকচিনৰ যাৱতীয় তথ্য ৰাজহুৱা নকৰাৰ কাৰণে সন্দেহ কৰিছে।

বিশেষজ্ঞৰ মতে যিকোনো ভেকচিন প্ৰয়োগ কৰিলে ভাইৰাছ বৃদ্ধি পোৱাৰ আশংকা অধিক ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰাছিয়াই ভেকচিন তৈয়াৰ কৰিবলৈ নীতি নিৰ্দেশনা মানি চলা নাই। গতিকে ভেকচিনৰ সফলতাত আশা কৰাটো কঠিন।

Exit mobile version