ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে । ইয়াৰ পিছতে অনুৰাগীক উদ্দেশ্যি কৰি ধোনীৰ মন্তব্য “মৰম আৰু প্ৰেৰণাৰ কাৰণে ধন্যবাদ ৷ এতিয়া মোক প্ৰাক্তন বুলি ভাবি লওক।”
ইফালে মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ লোৱাৰ এঘন্টাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় সুৰেশ ৰাইনাই। ৰেইনা কয় “মাহী আপোনাৰ লগত খেলা প্ৰত্যেকটো মুহুৰ্ত বিশেষ ৷ আগলৈও আপোনাৰ লগতে আগবাঢ়ি যাব বিচাৰো ৷ দুজনকৈ মৰমৰ ক্ৰিকেটাৰে একেদিনাই অৱসৰ লোৱা ঘটনাই চুই গৈছে ক্ৰিকেট প্ৰেমীৰ হৃদয়।
আনহাতে সুৰেশ ৰাইনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতেই শচীন তেণ্ডুলকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দেশৰ কাৰণে একাগ্ৰতাৰে খেলাৰ কাৰণে শুভেচ্ছা। আপোনাৰ লগত একেলগে খেলা আৰু কথা বতৰা আজিও সজীৱ হৈ আছে । আপোনাৰ ভৱিষ্যতৰ কাৰণে শুভকামনা । উল্লেখযোগ্য যে একেসময়তে দুজনকৈ ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰা পিছতে ভাৰতৰ লগতে পাকিস্তানৰ দৰ্শক তথা ক্ৰিকেটৰ লগত জৰিয়ত লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
১৯৯৬ ৰ পৰা ২০০৪ চনলৈ ধোনীৰ কোচ হিচাপে থকা চঞ্চল ভট্টাচাৰ্যই কয় যে মই ধোনীক ২০২১ ৰ টী ২০ খেলা চাব বিচাৰিছিলো । তেওঁৰ টি ২০ ত অৱদান অপৰিসীম ৷ কিন্তু ধোনীৰ অনুভৱ হ’ল যে অৱসৰ লোৱাটোৱেই তেওঁৰ কাৰণে উত্তম হ’ব সেয়ে তেওঁ এই সিদ্ধান্ত ল’লে।