আৰোগ্য লাভৰ কে’বা মাহৰ লৈকে শৰীৰত থাকিব পাৰে কৰ’না ভাইৰাছ

3coronavirus 82

সমগ্ৰ বিশ্বত দুই কোটিৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । মৃত্যু হৈছে প্ৰায় সাত লাখ ৭০হেজাৰ লোকৰ । এবাৰ আৰোগ্য লাভ কৰা সকলে পুনৰ কৰ’নাত আক্ৰান্ত হোৱাটো অতিকৈ দুৰ্লভ যদিও এনে বহু লোকে দীৰ্ঘ সময়লৈ কৰ’নাৰ লক্ষণবিলাক শৰীৰত কঢ়িয়াই ফুৰাও দেখিবলৈ পোৱা গৈছে । কৰ’নাক পৰাজিত কৰাৰ মাত্ৰ কেইটামান মাহৰ ভিতৰতে কৰা পৰীক্ষাৰ অন্তত পুনৰ কৰ’নাত আক্ৰান্ত হৈছে চীনৰ দুগৰাকীকৈ লোক ।

পূৰ্বে আক্ৰান্ত হোৱা সকলকো যে পুনৰ ভাইৰাছে আক্ৰমণ কৰিব পাৰে সেই কথাকে প্ৰমাণ কৰিলে । ফলত কৰ’নাক লৈ এতিয়া অধিক ত্ৰাসৰ সৃষ্টি হৈছে।আক্ৰান্ত হোৱা এই দুগৰাকীৰ ভিতৰত এগৰাকী মহিলা । ৬৮বছৰ বয়সীয়া মহিলাগৰাকী চীনৰ হুৱেই প্ৰদেশৰ । প্ৰথমবাৰ মহিলা গৰাকীয়ে কৰ’নাক পৰাজিত কৰিছিল যদিও সম্প্ৰতি কৰা পৰীক্ষাত মহিলা গৰাকী পুনৰ কৰ’না আক্ৰান্ত হোৱাটো নিশ্চিত হয় । দ্বিতীয় আক্ৰান্তজন পুৰুষ । চাংহাইৰ বাসিন্দা পুৰুষজনক শেহতীয়াকৈ কৰা পৰীক্ষাত পুনৰ কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত হয় ।

বিভিন্ন সমীক্ষাৰ পৰা লাভ কৰা তথ্য অনুসৰি শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা অতি সোনকালে গঢ় লৈ উঠাসকলে দ্বিতীয়বাৰলৈ কম সময়ৰ ভিতৰতে আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পৰে । কিছু বিশেষজ্ঞৰ মতে শৰীৰৰ অন্যান্য কোষেও বহু সময়ত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে ।

গৱেষক সকলৰ মতে আৰোগ্য লাভ কৰা সকলৰ শৰীৰত কে’বামাহলৈ ভাইৰাছৰ উপস্থিতি পৰিলক্ষিত হ’লেও এনে মৃতপ্ৰায় ভাইৰাছে অধিক দিনলৈ সংক্ৰমণ বৃদ্ধি কৰিব পৰা অৱস্থাত নাথাকে । চীনৰ হুৱেই আৰু চাংহাইত আৰোগ্য লাভ কৰা লোক পুনৰ আক্ৰান্ত হোৱাত স্বাভাৱিকতে সৃষ্টি হৈছে ত্ৰাসৰ ।

Exit mobile version