ৰাছিয়াৰ কৰ’না ভেকচিনৰ আৱিস্কাৰৰ খবৰে সকলোকে সচকিত কৰাৰ উপৰিও সকলোৰে মাজত বিতৰ্কৰ সৃষ্টি কৰিছে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ পিছতে শনিবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে জনাই যে প্ৰথম পৰ্যায়ৰ ভেকচিন ইতিমধ্যে তৈয়াৰ কৰা হৈছে । প্ৰথমতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক দিয়া হ’ব ৷ আনহাতে প্ৰতিষেধকৰ কাৰণে সাধাৰণ লোকে বেছি দিন অপেক্ষা কৰিব নালাগে । সাধাৰণ লোকৰ কাৰণে ছেপ্তেম্বৰ মাহতে উপলব্ধ হ’ব কৰ’নাৰ ভেকচিন ।
বিগত মংগলবাৰে কৰ’না ভেকচিনৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰখা আমেৰিকা, ব্ৰিটেইনসহ দেশক সচকিত কৰি কৰ’না ভেকচিন আৱিষ্কাৰ কৰাৰ সন্দৰ্ভত তথ্য সদৰী কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে । দেশৰ প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে একত্ৰিত হৈ ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে গামালেয়া ইনষ্টিটিউটে । এই ভেকচিনৰ নাম ৰখা হৈছে “স্পুটনিক ভি” ৷
আনহাতে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশ্বৰ বিশেষজ্ঞসকলে ৰাছিয়াৰ ভেকচিনক লৈ সন্দেহ প্ৰকাশ কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰাছিয়াই ভেকচিন উৎপাদন কৰিবলৈ সকলো নীতি-নিয়ম মানি চলা নাই । কিন্তু ৰাছিয়াৰ ভেকচিনৰ সন্দৰ্ভত নিজৰ স্থিতিত অটল থাকি ভেকচিন সকলোৰে কাৰণে সুৰক্ষিত বুলি দাবী কৰিছে । ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ জীয়ৰীৰ শৰীৰত কৰ’নাৰ ভেকচিন পৰীক্ষা কৰা হৈছে । ইয়াৰ পাছতে পুটিনে জনাইছিল যে কন্যাৰ স্বাস্থ্য আগতকৈ সুস্থিৰ হৈছে ৷
ইফালে গামালেয়া ইনষ্টিটিউটৰ প্ৰধান আলেকজেণ্ডাৰ গিন্টসবাৰ্গে জনায় যে তৃতীয় পৰ্যায়ৰ পৰীক্ষাত প্ৰত্যেক স্বেচ্ছাসেৱককে ভেকচিনৰ দুটাকৈ ইনজেকচন দিয়া হ’ব । অৱশ্যে ভেকচিন লোৱাৰ পাছতো লোকসকলক হস্পিতালত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই বুলি জানিবলৈ দিয়ে গামালেয়া ইনষ্টিটিউটৰ প্ৰধানে ৷