- আজি যশস্বী শাস্ত্ৰীয় সংগীতৰ সাধক পণ্ডিত যশৰাজৰ ৯০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । সংগীতৰ জীৱনত বহু ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পুৰস্কাৰৰ লগতে পদ্ম বিভূষণেৰে সন্মানিত হৈছিল যশৰাজ ৷
- পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অৰ্চনা মহন্তক । শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ কাৰণে পুনৰ শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিল্পীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
- সোমবাৰে বিয়লি উত্তৰ গুৱাহাটীত সংঘটিত হয় এক ডকাইতি কাণ্ড। দিন দুপৰতে ডকাইতে পথৰ পৰাই লুটি লৈ গ’ল ৩৫ লাখ টকা ৷
- পুনৰ বলীউডে হেৰুৱালে আন এজন জনপ্ৰিয় ছবিৰ পৰিচালক নিশিকান্ত কামতক । হৃদজনিত ৰোগত আক্ৰান্ত ৫০ বছৰীয়া পৰিচালক গৰাকীৰ মৃত্যু হয় সোমবাৰে বিয়লি ৪.২৪ ত।
- আজিৰে পৰা আৰম্ভ হৈছে মাজুলী যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা ৷ ক’ভিড-১৯ সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা মানি চলি ফেৰীত মাত্ৰ ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব । এই নিৰ্দেশ জাৰী কৰিছে মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে ৷
- আজি আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত দলটোৰ সাধাৰণ পৰিষদ অনুষ্ঠিত কৰাৰ পূৰ্বে এখন বৈঠক অনুষ্ঠিত হয় । সভাখনত সভাপতি অতুল বৰা, কেশৱ মহন্ত, কমলা কলিতাকে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
- মোৰ সময় শেষ হৈছে ৷ সিহঁতে মোক টিকি থাকিব নিদিয়ে । বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ এই টুইটৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অনুৰাগীসকলৰ মাজত । সততে বলীউডৰ বিভিন্ন বিষয়ৰ বিৰুদ্ধে থিয় হোৱা কংগনাই কিয় এই টুইট কৰিলে সেয়া সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ৷
- পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ আছে বহু শিশু৷ তেনে এক শিশুৰ মাতৃ হ’বলৈ পালে মই সুখী হ’ম ৷ এই মন্তব্য অভিনেত্ৰী বিপাসু বাসুৰ ৷ উল্লেখযোগ্য যে সন্তানৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ এনেদৰে কয় বিপাশাই ৷
ADVERTISEMENT