বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে । এইবাৰ সুশান্তৰ প্ৰাক্তন প্ৰবন্ধক শ্ৰুতি মোদীয়ে দাবী কৰি কয় যে সুশান্তক অচেতন কৰি অভিনেতা জনৰ চহী জালিয়াতীৰে প্রাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে বেংকৰ পৰা যথেষ্ট পৰিমাণৰ ধন উলিয়াই নিছিল ।
সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখা ই ডিৰ আগত শ্ৰুতিয়ে এইদৰে দাবী কৰি লগতে কয় যে সুশান্তক তিনিমাহ ধৰি ৰিয়াই বিশেষ ধৰণৰ ঔষধ খোৱাই অচেতন কৰি ৰাখিছিল আৰু সেই সময়ছোৱাত অভিনেত্ৰী গৰাকীয়ে সুশান্তৰ চহী জালিয়াতি কৰি বেংকৰ একাউন্টৰ পৰা প্ৰচুৰ পৰিমাণে ধন উলিয়াই নিছিল ।
সুশান্তৰ গোচৰত শ্ৰুতিয়ে ৰাজসাক্ষী হ’বলৈকো ইচ্ছা ব্যক্ত কৰিছে । শ্ৰুতিয়ে প্ৰকাশ কৰা মতে অৱসাদত ভোগা সুশান্তক ৰিয়াই কিছুমান টেবলেট খাবলৈ দিছিল। আৰু এনে টেবলেট সেৱন কৰি অভিনেতাজন অচেতন হোৱাৰ সুযোগ লৈ ৰিয়াই সুশান্তৰ বেংকৰ একাউন্টৰ ধন হৰলুকী কৰিছিল।