জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Himanta Biswa Sarma on first Coronavirus case 1

■ আজিৰ পৰা আৰম্ভ হোৱা পবিত্ৰ ভাদ মহীয়া নাম-কীৰ্ত্তন নামঘৰত অনুষ্ঠিত কৰোতে ক’ভিড-১৯ ৰ সাৱধানতাৰ বাবে ল’বলগীয়া সকলো নীতি-নিয়ম মানি চলিবলৈ নামঘৰ পৰিচালনা সমিতিক অনুৰোধ স্বাস্থ্যমন্ত্ৰীৰ । সামাজিক দূৰত্ব মানি, মাস্ক পিন্ধি আৰু ১৫ গৰাকীতকৈ অধিক আইমাতৃক সমবেত নহ’বলৈ আহ্বান ।
■ ১৯৭ খন হাইস্কুলক প্ৰাদেশীকৰণ , ২৭ নতুন মহাবিদ্যালয় , ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় ১৪৯ খন জুনিয়ৰ কলেজ প্রাদেশীকৰণ কৰা হ’ব ।
■ মুঠ ৩৫৫ শিক্ষানুষ্ঠান প্ৰদেশীকৰণ।
■ শিক্ষাবিভাগৰ ৱেবচাইটত তালিকাখন উপলব্ধ হ’ব।
■ প্ৰজ্ঞান ভাৰতী আঁচনি ঘোষণা । প্ৰজ্ঞান ভাৰতী আঁচনিৰ লক্ষ্য বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি প্ৰদান । এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২,০০০ ছাত্ৰী সকলক একোখনকৈ স্কুটী‌ প্ৰদান কৰা হ’ব ।
■ ৫০,০০০ ৰ পৰা ৫৫,০০০ মূল্যৰ হ’ব স্কুটীৰ মূল্য ।
■ অক্টোবৰ মাহৰ ১৫ তাৰিখৰ ভিতৰত দিয়া হ’ব স্কুটীসমূহ ।
■ আধুনিক স্কুটীৰ বাদে sebaonline.org ৱেবচাইটত গৈ ছাত্রীসকলে ইলেক্ট্রিক স্কুটীৰ বাবে আবেদন কৰিব পাৰিব ।
■ ৩ বছৰ পৰ্যন্ত কোনো বিক্ৰী কৰিব নোৱাৰিব স্কুটীসমূহ ।
■ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত হাইস্কুল, উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭৪৪০ টা টেট পদৰ বিজ্ঞাপন দিয়া হ’ব।
■ ২৭ আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰতীকী ভাৱে ক’ভিড-১৯ ৰ সকলো নীতি-নিয়ম মানি ৩০০ শিক্ষাৰ্থীৰ উপস্থিতিত প্ৰায় ৭০০০ এল পি, এম ই স্কুলৰ শিক্ষকৰ নিযুক্তি প্ৰদান কৰা হ’ব।

■ ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে কমিটি গঠন ।
■ ২০২০ বৰ্ষৰ বাবে কলেজসমূহত ২৫% আসন বৃদ্ধিৰ নিৰ্দেশ ।
■ ১৫০ জন শিক্ষকক লৈ ৰাজ্যিক ভাৱে আৰু ৫০ জন শিক্ষকক লৈ জিলা স্তৰত শিক্ষক দিৱস অনুষ্ঠিত কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ ।
■ শিক্ষক দিৱসত শিক্ষাৰ্থীক অনুষ্ঠানত জড়িত নকৰিবলৈ অনুৰোধ ।
■ ২১ তাৰিখৰ পৰা ৩০ আগষ্ট লৈকে শিক্ষক- অধ্যাপক সকলে ক’ভিড টেষ্ট কৰিব লাগিব । ১ তাৰিখে সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ কৰ্মস্থলীত যোগদান কৰিব লাগিব।

Exit mobile version