নিশ্চিত হ’ল এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা

Collage

আজমল নহয়, মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰঃ তৰুণ গগৈ 

অৱশেষত এ আই ডি এফৰ স’তে মিত্ৰতা নিশ্চিত হ’ল কংগ্ৰেছৰ ৷ আজি কংগ্ৰেছৰ কৰ্ণধাৰ সমিতিৰ এক বৈঠকত এই কথা নিশ্চিত হয় । ২০২১ ৰ নিৰ্বাচনত একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৷ মিত্ৰতাৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহাজোঁটবন্ধনৰ কাৰণে বিজেপি বিৰোধী সকলো দল সংগঠনক একত্ৰিত হ’বলৈ আহ্বান কৰে ।

লগতে অনাগত সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কোন হ’ব? এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তৰুণ গগৈয়ে কয় যে নিশ্চিতভাৱে অনাগত দিনত মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰ । আজমল নহয় ৷ ইফালে সাংসদ তথা কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত কয় যে মহাযোগবন্ধনৰ যোগেদি বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত সকলো বিজেপি বিৰোধী দল সংগঠন একত্ৰিত হ’ব লাগে ৷

আনহাতে বিগত এটা দশক জুৰি এ আই ইউ ডি এফৰ আৰু কংগ্ৰেছৰ মাজত হোৱা শীতল যুদ্ধখনে সততে চৰ্চা লাভ কৰি আছিল ৷ এসময়ত তৰুণ গগৈয়ে “হু ইজ বদৰুদ্দিন” বুলি প্ৰশ্ন কৰা এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছিল । আনহাতে আজিৰ কৰ্ণধাৰ সমিতিখনত শৰৎ বৰকটকী, ভূমিধৰ বৰ্মণৰ লগতে বহু কেইজন কংগ্ৰেছৰ নেতা উপস্থিত আছিল ।

Exit mobile version