সত্ৰ , নামঘৰ অসমীয়া জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ : ৰঞ্জিত কুমাৰ দাস

ranit

আজিৰে পৰা আৰম্ভ হোৱা পৱিত্ৰ ভাদমাহৰ প্রথম দিনটোত ৰাজ্যৰ সকলো অপায় অমংগল নাশ কৰি শান্তি-সমৃদ্ধি আৰু একাত্মবোধৰ বতৰা কঢ়িয়াই অনাৰ আশাৰে প্ৰতিজন ভকত বৈষ্ণৱৰ লগতে সমগ্র অসমবাসীৰ ওচৰত সেৱা জনায় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে । এক প্ৰেছ বিবৃতিত ৰঞ্জিত কুমাৰ দাসে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ অসমীয়া জাতি, পৰম্পৰা সংস্কৃতি ৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা দাসে উল্লেখ কৰে ।

বটদ্ৰৱা থান আৰু অসমৰ বিভিন্ন ঠাইত সত্ৰৰ বেদখল উচ্ছেদ আৰু নামঘৰৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে সক্ৰিয়তাৰে ভিন্ন পদক্ষেপ হাতত লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰি সত্ৰ-নামঘৰসমূহ সৰ্বাংগসুন্দৰ কৰি তুলিবলৈয়ো অসম দৰ্শন আঁচনিৰ জৰিয়তে আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা হাতত লোৱাৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপৰ উচ্চ প্ৰশংসা কৰে ।

লগতে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ঘোষণা কৰা ১৫০ কোটিৰ টকাৰ প্ৰকল্প, পাট বাউসী সত্ৰৰ উন্নয়নৰ বাবে ৫০ লাখ , মাজুলী আৰু বৰপেটাৰ লগতে সমগ্র অসমৰ সত্ৰ সমূহৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে বিগত সময়চোৱাত পুঁজি আবন্টন কৰা চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি জনে সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক দিশত নামঘৰ আৰু সত্ৰসমূহৰ প্ৰভাৱ অপৰিসীম বুলি উল্লেখ কৰি বিজেপি নেতৃত্বত চৰকাৰে সত্ৰ আৰু নামঘৰ সমূহৰ উন্নয়নৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি যাব বুলি উল্লেখ কৰে ।

Exit mobile version