বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে দুমাহ অতিক্ৰম কৰিলে ৷ এতিয়াও অভিনেতাজনৰ আত্মহত্যাক লৈ চিবিআই আৰু ইডিৰ তদন্তত সমগ্ৰ ঘটনাটো ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ সম্প্ৰতি সুশান্তৰ প্ৰাক্তন মেনেজাৰ অংকিতে দাবী কৰিছে যে সুশান্তক তেওঁৰ ঘৰৰ কৰ্মচাৰীসকলেই হত্যা কৰিছে ৷ ইফালে সুশান্তৰ এজন সম্পৰ্কীয় ভাতৃ আৰু পাটনাৰ এজন বিধাযকেও এইয়া হত্যাকাণ্ড বুলি দাবী কৰিছে ।
এটা সাক্ষাৎকাৰত অংকিতে কয় “সুশান্তে আত্মহত্যা কৰিব নোৱাৰে ৷ কাৰণ তেওঁ এজন পজিটিভ লোক আছিল। আৰু সকলোকে প্ৰেৰণা দিছিল ৷ যেতিয়া সুশান্ত যিকোনো কথাত দুখী আছিল তেতিয়া অভিনেতাজনে কান্দিছিল বা কবিতা লিখিছিল ।”
লগতে অংকিতে কয় যে সুশান্তে কেতিয়াও কোঠাৰ দুৱাৰ বন্ধ কৰি নুশুৱে ৷ যদি আত্মহত্যা কৰাৰ দিনা সুশান্তৰ কোঠাৰ দুৱাৰ বন্ধ আছিল, তেতিয়া ঘৰৰ ষ্টাফে কিয় দুৱাৰ নুখুলিল । উল্লেখযোগ্য যে সুশান্তৰ আত্মহত্যাক লৈ সাক্ষী হোৱাৰ দুদিন পূৰ্বে অংকিতক কোনো অচিনাকি লোকে ধমকি দিয়াৰ কথাও সদৰী কৰে । অৱশ্যে এতিয়ালৈকে অংকিতলৈ মুম্বাইৰ পুলিচৰ ফালৰ পৰা কোনো চমন অহা নাই ।
আনহাতে সুশান্তৰ জীৱনত ৰিয়া চক্ৰৱৰ্তীৰ আগত অভিনেত্ৰী কৃতি চানন আছিল বুলিও কয় অংকিতে ৷ লগতে অংকিতে কয় “কৃতি চানন জীৱনৰ পৰা যোৱাৰ পিছত কি হ’ল সেয়া মই নাজানো ।” পুনৰ ৰিয়া চক্ৰৱৰ্তীৰ প্ৰসংগ উত্থাপন কৰি অংকিতে কয় “২০১৯ৰ আগষ্টত মই যেতিয়া গাঁৱৰ পৰা আহিছিলো তেতিয়া সুশান্তৰ সমগ্ৰ ষ্টাফ সলনি হৈছিল ৷ সুশান্তৰ নতুন দেহৰক্ষীয়ে মোক ঘৰতে সোমাবলৈ নিদিছিল ৷ মোৰ এনে লাগিছিল এইবোৰ সকলো ৰিয়াই কৰিছে ৷ কিন্তু তেওঁ কিয় কৰিছে সেয়া মই জনা নাছিলো ৷ এনেদৰে অভিযোগ প্ৰতিযোগৰ মাজেৰে আগবাঢ়িছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত ৷
১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰে ৷ ইয়াৰ পিছৰ পৰা মুম্বাইৰ পুলিছে সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে ৷ এই ঘটনা সন্দৰ্ভত প্ৰায় ৫৬ জন লোকক তদন্ত কৰিছে মুম্বাই আৰক্ষীয়ে । সম্প্ৰতি সকলোৱে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক দোষী সাব্যস্ত কৰিছে । সম্প্ৰতি ইডি আৰু চিবিআইয়ে ৰিয়াৰ বেংক একাউণ্টৰ ওপৰত নজৰ ৰাখিছে ।