তেজপুৰত চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

117782724 10157861994673983 456917827552680023 n

আছুৰ ৰাজনৈতিক দল যদি গঠন হয় তেনেহ’লে দলটোৱে ১২শ মান ভোট লাভ কৰিব সমষ্টি বোৰত ৷ তদুপৰি নিৰ্বাচনলৈকে আছুৰ দলৰ বহুসংখ্যকে বিজেপিত যোগদানো কৰিব ৷ ২০২১ত নতুন ৰাজনৈতিক দল নিৰ্বাচনত অৱত্তীৰ্ণ হ’লে সকলো চিটতে আমানতৰ ধন হেৰুৱাব বুলি ভৱিষ্যতবাণী ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি আছুৰ নতুন ৰাজনৈতিক দলৰ প্ৰতি এনেদৰে একপ্ৰকাৰ প্ৰত্যাহ্বান জনালে মন্ত্ৰী জনে ৷

তেওঁ লগতে কয় যে, কোনোবাটোত দুহেজাৰ, কোনোবাটোত ১৭শ, কোনোবাটোত ১৫শ আৰু কোনোবাটোত ১১শ কোনোবাটোত ভোট পাব ৷ বুদ্ধিজীৱিকো টানি আনি কটাক্ষ কৰি মন্ত্ৰী ড° শৰ্মাই কয় এই দলত যদি বিশিষ্ট বুদ্ধিজীৱি থাকে তেনেহ’লে দলটোৱে আৰু ভোট কম পাব ৷ আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ৷ উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় ১২ বজাত দেশৰ সেনাৰ দ্বাৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত প্লাজমা দান শিবিৰত অংশ লৈছিল মন্ত্ৰীজনে ৷ সেনৰ চতুৰ্থ ক’ৰৰ জি অ চি লেফটেনেণ্ট জেনেৰেল শান্তনু দয়াল উপস্থিত থকা এই শিবিৰত ৰাজ্য চৰকাৰৰ আহ্বান মৰ্মে সেনাৰ কৰ’নাৰ পৰা সুস্থ হৈ উঠা ৪০জনৰ অধিক জোৱানে প্লাজমা দান কৰে ৷ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ড° শৰ্মাই কয় যে ২০২১ত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে নিৰ্বাচনত অৱত্তীৰ্ণ হ’ব ৷

বিজেপিৰ ৰাজ্যিক সভাপতি অথবা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নামেই নল’লে মন্ত্ৰীজনে ৷ নিৰ্বাচনৰ পাছত কোনোবা এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য কৰে। ইয়াৰ পিছত মন্ত্ৰী জনক মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা তেওঁৰ আছেনে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই কয় যে এতিয়াও তেওঁ নিৰ্বাচনত অৱত্তীৰ্ণ হোৱা নোহোৱাটো ঠিৰাং হোৱা নাই ৷ দল আৰু পৰিয়ালে তেওঁৰ নিৰ্বাচনত অৱত্তীৰ্ণ হোৱা নোহোৱাটো ঠিৰাং কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

ইয়াৰ পাছতে তেজপুৰস্হিত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত অৰুণোদয় আঁচনিৰ এখন পৰ্যবেক্ষণ সভাত অংশ লোৱা মন্ত্ৰী ড° শৰ্মাই সাংবাদিকক কয় যে এই পৰ্যন্ত ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনি সমূহতকৈ অৰুণোদয় আঁচনিখন বৃহৎ আঁচনি ৷ এইখন আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো বিধান সভা সমষ্টিৰ ১৫হেজাৰকৈ পৰিয়াল উপকৃত হ’ব আৰু স্বামীহীনা আৰু অবিবাহিত মহিলা আৰু দিব্যাংগ লোক থকা পৰিয়ালে এই আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব ৷

তদুপৰি, বিনামূলীয়া চাউল লাভ কৰা পৰিয়াল তথা গাঁও আৰু চহৰৰ দৰিদ্ৰ পৰিয়াল সমূহক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে আঁচনিখনত ৰাজ্যৰ মুঠ ১৯লাখ পৰিয়ালক সামৰি লোৱা হ’ব ৷ তেওঁ লগতে এইকথাও স্পষ্ট কৰি দিয়ে যে ১৫বিঘা মাটি থকা, ৰেফ্ৰিজাৰেটৰ তথা ৱাচিং মেচিন থকা বিধায়ক পঞ্চায়ত প্ৰতিনিধি, ৱাৰ্ড মেম্বাৰ আদিয়ে এই আঁচনিৰ সুবিধা লাভ নকৰে ৷

ইপিনে, এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে বিধান সভাত মন্ত্ৰী ড° শৰ্মাৰ সন্মুখত বহিবলৈও সাহস নকৰে বুলি মন্তব্য কৰে তেওঁ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে “হু ইজ বদৰুদ্দিন” বুলি কওঁতে কোনে পিছফালৰ পৰা হাতচাপৰি বজাইছিল সেই ভিডিঅ’ ক্লিপ গগৈক দেখুৱাব লাগে বুলিও মন্তব্য কৰা ড° শৰ্মাই আৰু কয় যে কিবা কাৰণত যি সকল ব্যক্তিয়ে আগৰ কথাবোৰ পাহৰি যায় তেওঁলোকক সেইবোৰ মনত পেলাই দিয়াতো সকলোৰে দায়িত্ব ৷

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ চকুতেই পৰা নাই বুলিও কয় তেওঁ ৷ মন্ত্ৰী জনে কয় যে মোদীৰ শাসন কালত আন কোনো দলে ক্ষমতা দখল কৰিব নোৱাৰে ৷ আনহাতে, সাহিত্যিক ড° নগেন শইকীয়াক ৰাজনীতিত নোসোমাবলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই আৰু কয় যে কা বিৰুধী আন্দোলনতে তেওঁ যথেষ্ট বিতৰ্কত সোমাইছে ৷ ড° শইকীয়া সকলোৰে এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি বুলি মন্তব্য কৰি মন্ত্ৰী শৰ্মাই তেওঁক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ বাবেহে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ মুকলি কৰা হোৱা নাই বুলিও উল্লেখ কৰি মন্ত্ৰীজনে কয় যে অহা ২১ আগষ্টৰ পৰা সকলো শিক্ষক তথা অধ্যাপকে কৰ’নাৰ পৰীক্ষা কৰোৱাৰ পাছত পহিলা ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহত যোগদান কৰিব লাগিব আৰু পৰৱৰ্তী চৰকাৰী নিৰ্দেশলৈ তেওঁলোকে অপেক্ষা কৰিব লাগিব৷

Exit mobile version