গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহত ছেনিটাইজেশ্বনৰ কাম আৰম্ভ

WhatsApp Image 2020 08 20 at 7.05.17 PM

আজাৰাৰ পাতগাওঁস্থিত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভগ চমুকৈ এন ডি আৰ এফৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায় ২০ টা ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসত ছেনিটাইজেশ্বনৰ কাম আৰম্ভ কৰা হৈছে । কৰ’না মহামাৰীৰ বাবে দেশজুৰি চলি থকা তলাবন্ধৰ বাবে বিগত পাঁচ-ছমাহ ধৰি বিশ্ববিদ্যালয় খনৰ উক্ত ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহ বন্ধ হৈ আছিল। অহা এক ছেপ্টেম্বৰৰ পৰা ক’ভিডৰ সকলো নীতি-নিয়ম মানি বিশ্ববিদ্যালয় খনৰ নিয়মীয়া শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী জাৰি কৰিছে। সেই অনুসৰি এন ডি আৰ এফৰ কামানডেন্ট ৰণধীৰ সিং গিলৰ নিৰ্দেশত বিভাগটোৰ পৰিদৰ্শক পৱন কুমাৰ পাণ্ডেৰ নেতৃত্বত এটা দলে যুদ্ধকালীন তৎপৰতাৰে কালিৰে পৰা ছেনিটাইজেশ্বনৰ কাম আৰম্ভ কৰিছে।

বিভাগটোৱে অহা প্ৰায় এক সপ্তাহৰ ভিতৰত বিশ্ববিদ্যালয় চৌহদত থকা ছাত্ৰাবাস-ছাত্ৰীনিবাস সমূহত ছেনিটাইজেশ্বনৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উল্লেখ্য যে, যোৱা এপ্ৰিল মাহৰ পৰা জুন মাহ পৰ্যন্ত বিশ্ববিদ্যালয়ৰ চৌহদত থকা পাঁচটা ছাত্ৰাবাসত বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰখাৰ বাবে কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছিল। উক্ত কোৱাৰেন্টাইন কেন্দ্ৰ বন্ধ হোৱাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত উক্ত ছাত্ৰাবাস কেইটাৰ ছেনিটাইজেশ্বন কৰে ।

Exit mobile version