যোগ্য মানুহৰ দ্বাৰা গঠিত হৈছে পৰামৰ্শদাতা সমিতি-কৃষক মুক্তি

WhatsApp Image 2020 08 20 at 2.08.04 PM

ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন কৰা অসম পৰামৰ্শদাতা সমিতি  যোগ্য মানুহৰ দ্বাৰা গঠিত হৈছে বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । বৃস্পতিবাৰে  গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত সভাপতি ভাস্ক’-ডি শইকীয়াই এক সংবাদমেলত সম্বোধন কৰি  গঠন হ’ব লগা নতুন ৰাজনৈতিক দলক শুভেচ্ছা জনায় ।

গঠন হ’ব লগা ৰাজনৈতিক দলটোৰ প্ৰতি কৃষক মুক্তিৰ সমৰ্থন থাকিব নে নাই, সেয়া সময়ত নিৰ্ধাৰণ হ’ব তেওঁ উল্লেখ কৰি ‘কা’ বিৰোধী সকলো শক্তি একেলগ হৈ বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লাগে বুলি কয় । আছু-যুৱ ছাত্ৰ পৰিষদে গঠন কৰা ‘অসম পৰামৰ্শদাতা সমিতি’ সন্দৰ্ভত কৃষক নেতাগৰাকীয়ে কয়- “সমিতিখন যোগ্য মানুহক লৈ গঠন কৰা হৈছে । আশা কৰোঁঁ ভাল কাম কৰিব ।” ইফালে, কাৰবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে ‘আছু’ নেতৃত্বই কৰি অহা দাবীৰ বাবেও ধন্যবাদ জনায় শইকীয়াই।

Exit mobile version