উত্তৰ কাশীৰ প্ৰাক্তন জিলা দণ্ডাধীশৰ নামত স্পেইনৰ পৰ্বত শৃংগৰ নামাকৰণ

Screenshot 66

‘অতিথি দেবঃ ভৱ’ এই কথাষাৰ সাৰোগত কৰিয়েই আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিলে দেশৰ এজন প্ৰাক্তন জিলা শাসকে । আশিস চৌহান নামৰ উত্তৰ কাশীৰ প্ৰাক্তন জিলা দণ্ডাধীশজনৰ নামতে স্পেইনৰ এটা পৰ্বতচুড়াৰ নামকৰণ কৰা হ’ব । উল্লেখ্য যে স্পেইনৰ এদল তৰুণ পৰ্বতাৰোহীয়ে দুবছৰৰ পূৰ্বে ট্ৰেকিং কৰিবলৈ আহি উত্তৰ কাশীৰ বাসুকী তালৰ সমীপত আবদ্ধ হৈ পৰিছিল ।

উত্তৰ কাশীৰ তৎকালীন জিলা দণ্ডাধীশ চৌহানে সেই খবৰ লাভ কৰাৰ লগে লগে তেওঁ স্পেইনৰ পৰ্বতাৰোহণকাৰী দলটোলৈ সাহাৰ্যৰ হাত আগবঢ়ায় ।দলটোৱে যাতে সুস্থ শৰীৰে নিজ দেশলৈ উভতি যাব পাৰে তাৰো ব্যৱস্থা তেওঁ কৰিছিল । দুবছৰৰ পাছত সেই তৰুণ পৰ্বতাৰোহীৰ দলটোৱে যেতিয়া স্পেইনৰ এটা অনাবিষ্কৃত পৰ্বত শৃংগৰ চুড়াত আৰোহণ কৰিলে, তেতিয়া শৃংগটোৰ নামকৰণৰ বাবে প্ৰথমেই তেওঁলোকৰ মনলৈ আহিছিল জীৱন ৰক্ষাকাৰী ভাৰতীয় জিলা দণ্ডাধীশজনৰ নাম ।

উল্লেখ্য যে স্পেনিছ নাগৰিক য়ুয়ান এন্ট’নিঅ’ৰ নেতৃত্বত এটা দলে ২০১৮ত উত্তৰ কাশীত ট্ৰেক কৰিবলৈ আহি বিপদত পৰি চৌহানৰ সাহায্য লাভ কৰিছিল । তেতিয়াই ভাৰতীয় জিলা শাসকজনৰ ব্যৱহাৰত এন্ট’নিঅ’ অভিভূত হৈ পৰিছিল । সেয়ে সেই উপকাৰৰ প্ৰতিদান স্বৰূপেই তেওঁলোকে নিজ দেশৰ পৰ্বতচূড়াৰ নাম ভাৰতৰ ভূমিপুত্ৰ এজনৰ নামৰ ৰখাৰ সিদ্ধান্ত লয়।

স্পেইনৰ পৰা ফোন কৰি এন্ট’নিঅ’ই চৌহানৰ পৰা তেওঁৰ নামৰ বানান আৰু উচ্চাৰণ জানিব বিচাৰে । লগতে সামাজিক মাধ্যমত এটা বার্তাও প্ৰেৰণ কৰে । বাৰ্তাত এন্ট’নিঅ’ই লিখিছে, ‘মই আৰু মোৰ বন্ধু ডেভিড ৰেচিন’ৱে সফলভাৱে স্পেইনৰ আভিলা চহৰৰ কাষতে অৱস্থিত এটা অনাবিস্কৃত শৃংগত আৰোহণ কৰিবলৈ সক্ষম হৈছো । দুহেজাৰ ৫৯০ মিটাৰ উচ্চতাৰ এই শৃংগ আমাৰ দেশৰ অন্যতম কঠিন পৰ্বতাৰোহণ যাত্ৰা । এতিয়াও ইয়াৰ নামাকৰণ হোৱা নাই ।

সেয়ে আমি ঠিক কৰিছো যে ইয়াৰ নাম ৰাখিম ‘মেজিষ্ট্ৰেট পইন্ট’ আৰু ইয়ালৈ অহা ৰাস্তাটোৰ নাম ৰাখিম ‘ভায়া আশিস’। এন্ট’নিঅ’ৰ এই কাৰ্যই আবেগিক কৰি তোলা বুলি চৌহানে জানিবলৈ দিয়ে । তেওঁ কয়, ‘ভাৰতীয় সংস্কৃতিয়েই হৈছে অতিথিক ঈশ্বৰ জ্ঞান কৰি আপ্যায়ন কৰা । তাৰ লগতে চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবে কোনো মানুহৰ প্ৰয়োজনত তথা বিপদত তেওঁৰ কাষত গৈ থিয় দিয়াটো মোৰ কৰ্তব্যও আছিল ।’

Exit mobile version