আজি ৰাতিপুৱাৰ ভাগত হঠাৎ অসুস্থ হৈ পৰে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী । বিধায়কজনক তৎকালীনভাৱে বঙাইগাঁৱৰ এটা ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱাৰ পিচত ৰেপিড এন্টিজেন পৰীক্ষাত ক’ভিড-১৯ পজিটিভ ধৰা পৰে । লগে লগে ১০৮ এম্বুলেঞ্চেৰে বিধায়কজনক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে উন্নত চিকিৎসাৰ বাবে ।
আজি চিৰাং জিলাত মুঠ ৩৩ জন ক’ভিড-১৯ আক্ৰান্ত ৰোগী ধৰা পৰিছে । এই লৈ জিলাখনত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৬১৩ লৈ বৃদ্ধি পায়। ইয়াৰে ৪৫৯ জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে । আজিয়ো জিলাখনত ৬৯ জনক চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়ে স্বাস্থ্য বিভাগে । এই পৰ্যন্ত চিৰাং জিলাত চিকিৎসাধীন অৱস্থাত আছে ১৫৪ জন ক’ভিড-১৯ আক্ৰান্ত ৰোগী ।