বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিঙৰ আত্মহত্যাৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এতিয়া চি বি আইক প্ৰদান কৰা হৈছে । বৃহস্পতিবাৰে নিশা চি বি আইৰ ১০ জনীয়া এটি বিশেষ দলে মুম্বাইত উপস্থিত হৈ আৰম্ভ কৰিলে তদন্ত প্ৰক্ৰিয়া । এছ পি নূপুৰ প্ৰসাদৰ নেতৃত্বৰ চি বি আইৰ এই দলটোৱে শুক্ৰবাৰে মুম্বাই আৰক্ষীৰ পৰা সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা আৰম্ভ কৰি সকলো প্ৰতিবেদন সংগ্ৰহ কৰে।
উল্লেখ্য যে, এই দলটোৰ লগত কেন্দ্ৰীয় ফ’ৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ বিশেষজ্ঞও জড়িত হৈ আছে। শুক্ৰবাৰে সুশান্তৰ গেষ্টহাউচত উপস্থিত হৈ দলটোৱে সুশান্তৰ ৰান্ধনীগৰাকীক প্ৰায় ৩ ঘন্টাতকৈ অধিক সময় সোধা-পোচা কৰে। লগতে সুশান্তৰ ঘৰৰ মেনেজাৰ চেমুৱেল মিৰান্দাক সোধ-পোচ অব্যাহত ৰাখে । সুশান্তৰ ম’বাইল ফোন বৰ্তমান চি বি আইৰ হাতত ।
ইয়াৰ লগে লগে সুশান্তৰ এপাৰ্টমেণ্টৰ চি চি টিভি কেমেৰাৰ কিছু ভিডিঅ’ লাভ কৰে দলটোৱে। উক্ত ভিডিঅ’টি তদন্তৰ বাবে ফ’ৰেনচিক দলক প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, সুশান্তৰ মৃত্যুৰ এদিন পূৰ্বে চি চি টিভি কেমেৰা বন্ধ কৰি দিয়া হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। যি কি নহওঁক তদন্তৰ সময়ছোৱাত চি বি আই ৰ বাবে এই ভিডিঅ’টো যথেষ্ট সহায়ক হ’ব ।