স্বামীয়ে কাজিয়া নকৰে :বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

divorce iStock

তৰ্ক যুদ্ধত লিপ্ত নোহোৱা বাবে স্বামীক বিবাহ বিচ্ছেদ দিবলৈ সাজু হৈছে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা।পত্নীৰ যুক্তি হ’ল স্বামীৰ অতিৰিক্ত মৰমত হেনো উশাহ-নিশাহ প্ৰায় বন্ধ হৈ যোৱাৰ উপক্ৰম হয়গৈ ।সেয়েহে সমগ্ৰ বিষয়টো লৈ পত্নী গৈ উপস্থিত হৈছেগৈ আদালতৰ মজিয়াত।

কিন্তু পত্নীৰ আশ্চৰ্যকৰ দাবী সম্পৰ্কত গোচৰ ল’বলৈ অস্বীকাৰ কৰিলে আদালতে।অৱশ্যে তৰ্ক কৰি ভালপোৱা পত্নীও নাচোৰবান্দা।আদালতত নিজ কাৰ্য সমাধান নোহোৱাত বিষয়টো লৈ দ্বাৰস্থ হয় স্থানীয় পঞ্চায়তৰ।পঞ্চায়তৰ ভাষ্যও আছিল প্ৰায় একে ধৰণৰ ।উদ্ভট ধৰণৰ এনে সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত নিজকে অপৰাগ বুলিও ঘোষণা কৰে পঞ্চায়তে।

কিন্তু মহিলা গৰাকী কাৰো কথা শুনিবলৈ প্ৰস্তুত নহয় ।তেওঁ বিচ্ছেদ দিহে এৰিব ।মহিলাগৰাকীৰ ভাষ্যত ক’বলৈ গ’লে স্বামীয়ে তেওঁৰ স’তে কেতিয়াও কাজিয়া নকৰে ।কেতিয়াবা ভুল কৰাটো ধৰা পৰিলেও স্বামীয়ে হাঁহি মুখে ক্ষমা কৰি দিয়ে ।মাজে সময়ে স্বামীয়ে তৰ্ক -বিতৰ্ক কৰি থকাটোহে বিচাৰিছিল মহিলাগৰাকীয়ে ।এই সন্দৰ্ভত স্বামীয়ে কয় যে তেওঁ সকলো সময়তে পত্নীক সুখী কৰি ৰাখিব বিচাৰে।সেয়েহে তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকে ।পত্নীৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰিবলৈ স্বামীয়েও আদালতত পৃথক আবেদন দাখিল কৰিছিল।

Exit mobile version