পাকিস্তানৰ U টাৰ্ণঃ ডাউড ইব্ৰাহীম নাই পাকিস্তানত

jpg 2

অৱশেষত ডাউড ইব্ৰাহীমৰ সন্দৰ্ভত U টাৰ্ণ ল’লে পাকিস্তানে । কাৰণ শনিবাৰে ডাউড ইব্ৰাহীম পাকিস্তানতেই আছে বুলি স্বীকাৰ কৰা দেশখনে ২৪ ঘন্টা নহওঁতেই সলনি কৰিছে নিজৰ স্থিতি । পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে ডাউড ইব্ৰাহীমৰ ঠিকনা পাকিস্তানত নাই।

লগতে পাকিস্তানে কয় ভাৰতীয় সংবাদমাধ্যমত ডাউড ইব্ৰাহীম পাকিস্তানত থকাৰ দাবী কৰিছে । ভাৰতীয় সংবাদমাধ্যমৰ এই দাবী ভিত্তিহীন ৷ উল্লেখযোগ্য যে শনিবাৰে ডাউদ ইব্ৰাহীম পাকিস্তানত আছে বুলি স্বীকাৰ কৰিলে দেশখনে ৷ পাকিস্তানে ৮৮ জনীয়া সন্ত্ৰাসবাদীৰ এখন তালিকা প্ৰস্তুত কৰিছিল ৷

এই তালিকাত ১৯৯৩ত মুম্বাইত হোৱা ধাৰাসাৰ বোমা বিস্ফোৰণৰ অন্যতম মাষ্টৰমাইণ্ড ডাউড ইব্ৰাহীমৰ নামো আছিল । এই তালিকাত ডাউডৰ নাম থকাৰ উপৰিও তেওঁৰ ১৪ খন পাচপৰ্ট আৰু কৰাচীত যে তিনিটা ঘৰ আছে সেয়াও উল্লেখ আছে ।

ইপিনে ডাউড ১৯৯৩ ত মুম্বাইৰ হোৱা বিস্ফোৰণৰ পিছত পাকিস্তানলৈ গুচি গৈছিল । এই বিস্ফোৰণত ২৫৭ জন লোক নিহত হোৱাৰ উপৰিও ১৪০০ লোক আহত হৈছিল । ইয়াৰ পিছত ডাউড ইব্ৰাহীম পাকিস্তানৰ বিভিন্ন চহৰত বাস কৰাৰ খবৰ আহিছিল । কিন্তু পাকিস্তানে ডাউডৰ সন্দৰ্ভত কোনো তথ্য ফাদিল কৰা নাছিল । শেহতীয়াকৈ পাকিস্তানে ডাউড ইব্ৰাহীমৰ প্ৰসংগত স্বীকাৰ কৰি পুনৰ U টাৰ্ণ লোৱা স্থিতিয়ে চৰ্চা লাভ কৰিছে।

Exit mobile version