সোমবাৰে কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠক

SoniaGandhi RahulGandhi Congress UniqueTimes

সোমবাৰে কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত কংগ্ৰেছৰ বহু গুৰুত্বপূৰ্ণ খবৰ আহিব বুলি ধাৰণা কৰা হৈছে । ইয়াৰ মাজতে কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠকত ছোনিয়া গান্ধীয়ে পদত্যাগ কৰিব বুলি সদৰী কৰিছে ।

আনহাতে কংগ্ৰেছৰ প্ৰায় ২৩ জন জ্যেষ্ঠ নেতাই ইতিমধ্যে দলটোৰ নেতৃত্বত পৰিৱৰ্তন বিচাৰি ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত আছে আনন্দ শৰ্মা, গুলাম নবী আজাদ, কপিল চিব্বাল, বিবেক তনখা, পৃথ্বীৰাজ চৌহান আদি ৷

চাওঁ আহক এই বিষটোৰ সন্দৰ্ভত কিছুমান বিশেষ তথ্য কংগ্ৰেছৰ নেতৃত্বকলৈ চলি থকা বিভিন্ন চৰ্চাৰ মাজত সোমবাৰে কংগ্ৰেছ কাৰ্যবাহী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব । দলৰ মহাসচিব বেনুগোপালৰ মতে কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব সোমবাৰে পুৱা ১১ বজাত। এক বিশেষ সূত্ৰৰ মতে এই বৈঠকত ৰাজনৈতিক বিষয়,আৰ্থিক অৱস্থা আৰু কৰ’নাৰ ভাইৰাছৰ দৰে বিষয়ৰ সন্দৰ্ভত আলোচনা হ’ব ৷

ছোনিয়া গান্ধীৰ অধ্যক্ষ হিচাপে কাৰ্যকাল এবছৰ হোৱাৰ পিছতহে অনুষ্ঠিত হ’ব কংগ্ৰেছৰ কাৰ্যবাহী বৈঠক ৷ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পিছত ছোনিয়া গান্ধী অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। বিগত দিনত পৰা দলৰ অন্যান্য নেতাসকলে ৰাহুল গান্ধী পুনৰ অধ্যক্ষ হোৱাটো বিচাৰে ।

শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰবক্তা ৰণদ্বীপ সুৰজেৱালাই কয় যে কংগ্ৰেছৰ ১০০ শতাংশ কাৰ্যকৰ্তাই বিছাৰে যে ৰাহুল গান্ধী পুনৰ দলৰ অধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰক। অৱশ্যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ মন্তব্য যে অধ্যক্ষ গান্ধী পৰিয়ালৰ হ’ব নালাগে । কিন্তু কংগ্ৰেছৰ পৰা এই সন্দৰ্ভত কোনো মতামত অহা নাই । কাৰণ শশী থাৰুৰৰ লগতে ৰণদীপ সুৰজেৱালাই কংগ্ৰেছৰ অধ্যক্ষৰ সন্দৰ্ভত ইতিমধ্যে মন্তব্য দিছে ৷

আনহাতে শেহতীয়াকৈ ছোনিয়া গান্ধী দলৰ পৰা পদত্যাগ হ’ব বুলি ওলোৱা খবৰক নসাৎ কৰিছে প্ৰবক্তা ৰণদীপ সুৰেজেৱালাই ৷ তেওঁ কয় যে ছোনিয়া গান্ধী দলৰ পৰা অৱসৰ লোৱা খবৰ সম্পূৰ্ণ ভূৱা ৷

Exit mobile version