- সমগ্ৰ দেশৰ লগতে অসমতো কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰাক উপত্যকাত দিয়া হৈছে পুনৰ তলাবন্ধ ৷
- বৰাক উপত্যকাৰ তিনিখন জিলাত কৰ’না প্ৰতিৰোধৰ কাৰণে পুনৰ তলাবন্ধ দিয়া হৈছে ৷
- কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত অহা ২৬ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈ দিয়া হৈছে তলাবন্ধ ৷
- আনহাতে হাইলাকান্দিত বিগত কে’বাদিনো ধৰি বহু জ্যেষ্ঠ লোক আক্ৰান্ত হৈছে কৰ’নাত ৷
- আনহাতে গুৱাহাটীৰ পিছতে কৰিমগঞ্জ হাইলাকান্দিৰ লগতে কাছাৰতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷
- কৰিমগঞ্জৰ জিলা উপায়ুক্তই ফেচবুক লাইভ কৰি ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা আৰু তলাবন্ধৰ পৃষ্ঠপোষকতা কৰিছে ৷
- কিন্তু এনে তলাবন্ধৰ বিৰোধিতা কৰিছে বৰাকৰ স্থানীয় লোকে ৷
- বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয় “ব্যৰ্থতা ঢাকিবৰ কাৰণে তলাবন্ধ দিয়া হৈ আছে ৷ ৰেপিড কিটৰ লগতে ৫ মাহত কৰিমগঞ্জৰ ক’ভিড চিকিৎসালয়ত ভেন্টিলেটৰ, আই চি ইউ দিব পৰা নাই ৷ চিকিৎসালয়ত ৰোগীয়ে পোৱা নাই ন্যূনতম চিকিৎসা ৷ আগতে স্বাস্থ্য মন্ত্ৰীয়ে পিপি কিট ৰিছিভ কৰিব কাৰণে নিশা বিমানবন্দৰত উপস্থিত আছিল ৷ এই মন্তব্য কমলাক্ষ দে পুৰকায়স্থৰ ৷
- এতিয়া তলাবন্ধ দি বেমাৰ হ্ৰাস কৰাব খুজিছে ৷ তলাবন্ধ দি বেমাৰৰ সমাধান নহয় বুলি উল্লেখ কৰে বৰাকৰ স্থানীয় লোকে ।
ADVERTISEMENT