কেৱল যোৰহাটৰ বাবেই নহয়, চুবুৰীয়া তিনি-চাৰিখন জিলাৰ ক’ভিড-১৯ সংক্ৰমিত ৰোগীৰ বাবে নিৰ্ভৰযোগ্য চিকিৎসালয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা যোৱা সপ্তাহত দুজনকৈ জ্যেষ্ঠ চিকিৎসকে চাকৰিৰ পৰা ইস্তফা দিয়ে । তেওঁলোক দুজন হ’ল বক্ষ আৰু হাঁওফাঁও ৰোগ বিভাগৰ দুই সহকাৰী অধ্যাপক ডাঃ শংকৰজ্যোতি পৰাশৰ আৰু ডাঃ প্ৰিয়ংকা চাংমাই। দুয়োজন জ্যেষ্ঠ চিকিৎসকে ক্ৰমে মঙ্গলবাৰে আৰু বৃহস্পতি বাৰে পদত্যাগ পত্ৰ দাখিল কৰে।
মূলত: ক’ভিডৰ কৰ্তব্য-তালিকাক লৈয়ে দুয়োজন চিকিৎসকে চাকৰি ইস্তাফা দিয়ে বুলি জানিব পৰা গৈছে। জে এম চিৰ এক সূত্ৰই সদৰী কৰা অনুসৰি জে এম চি কৰ্তৃপক্ষই ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাত চিকিৎসকৰ ক’ভিড ডিউটিৰ দিন সাত দিনৰ পৰিৱৰ্তে একেৰাহে ১০ দিন কৰাৰ পাছতে আকৌ সাত দিন বাধ্যতামূলক ইনষ্টিটিউচনেল কোৱাৰেইণ্টিন । কোৱাৰেইণ্টিনৰ পাছ দিনাই আকৌ পুনৰ ডিউটি । এই কৰ্মসূচীত স্বাভাৱিকতে একাংশ চিকিৎসক অসন্তুষ্ট হৈ পৰিছিল । তাৰ পাছতে দুয়োজন চিকিৎসকে চাকৰিৰ পৰা ইস্তফা দিয়ে ।
উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহৰ পৰা একেখিনি চিকিৎসকে ধাৰাসাৰ ক’ভিড ডিউটি কৰি থাকিবলগীয়া হোৱাত চিকিৎসকসকলৰ বহুতৰে চাকৰিৰ প্ৰতি অনীহা অহা বুলি একেটা সূত্ৰই জনাইছে । উল্লেখযোগ্য যে জে এম চিৰ বহু সংখ্যক চিকিৎসক আৰু নাৰ্চকে ধৰি চিকিৎসা কৰ্মী কোভিড-১৯ আক্ৰান্ত হয় ৷ এনে পৰিস্থিতিৰ মাজতে হঠাতে জে এম চিৰ অধ্যক্ষ ডাঃ অতুল বড়োক পূৰ্বৰ স্থানলৈ স্থানান্তৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী আৰু প্ৰসুতি বিভাগৰ মুৰব্বী ডাঃ ৰত্ন তালুকদাৰক ডাঃ বড়োৰ স্থলাভিষিক্ত কৰে । অৱশ্যে আজি পৰ্যন্ত নতুন অধ্যক্ষই যোগদান কৰা নাই ।
উল্লেখযোগ্য যে জে এম চিত চিকিৎসাধীন সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট জিলা বিজেপিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ । আনহাতে দৈনিক অগ্ৰদূতৰ গোলাঘাটৰ বিশেষ প্ৰতিনিধি দিগন্ত কুমাৰ ভূঞাক কালি জে এম চিৰ ক’ভিড চেণ্টাৰত ভৰ্তি কৰোৱা হয় । লক্ষণযুক্ত ক’ভিড আক্ৰান্ত সাংবাদিক ভূঞাক উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰাত আজি বিয়লি আই চি ইউ লৈ স্থানান্তৰ কৰা হয় । অৱশ্যে কোনো চিন্তাৰ কাৰণ নাই বুলি অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই জানিবলৈ দিছে ।
অধীক্ষক ডাঃ বৰুৱাই জানিবলৈ দিয়া মতে বৰ্তমান প্ৰায় দুশ ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে । আনহাতে যোৱা সপ্তাহত ভৰ্তি হোৱা দেৰগাঁৱৰ বিধায়ক ভনেন্দ্ৰ নাথ ভৰালীক পৰিয়ালৰ ইচ্ছা অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় ।






























