হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব বিচাৰিলে মই সমৰ্থন কৰিম: ৰকিবুল হুছেইন

WhatsApp Image 2020 08 24 at 8.23.20 PM

“একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দললৈ আহি মুখ্যমন্ত্ৰী হ’ব বিচাৰিলে মই ব্যক্তিগতভাৱে সমৰ্থন কৰিম। অৱশ্যে এয়া মোৰ নিজস্ব মত, দলীয় নহয়।” এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ উপসভাপতি ৰকিবুল হুছেইনৰ । আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদত বৰঝাৰ বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু কামৰূপ মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী হুছেইনে ।

লগতে তেওঁ কয়, “বিজেপি চৰকাৰে তৈলক্ষেত্ৰ, কাগজকলকে ধৰি ৰাজহুৱা সম্পদবোৰ এফালৰ পৰা বিক্ৰী কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হুছেইনে। লগতে মহাজোট বান্ধোন গঠনৰ বিষয়ে উল্লেখ কৰি এ.আই.ইউ.ডি.এফকে ধৰি বিজেপি বিৰোধী বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ মাজত কংগ্ৰেছৰ আলোচনা চলি আছে বুলিও কয় হুছেইনে। তেওঁ পুনৰ কয়, “একাংশ সংবাদ মাধ্যমত কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফৰ মাজত মিত্ৰতা হোৱা বুলি প্ৰচাৰ চলি আছে যদিও এয়া সত্য নহয়। কিয়নো অকল এ.আই.ইউ.ডি.এফৰ লগত নহয় বিজেপি বিৰোধী প্ৰতিটো দলৰ লগত আলোচনা কৰি কংগ্ৰেছে মহাজোঁট বান্ধোনৰ প্ৰস্তুতি চলাই আছে।”

আনহাতে নিৰ্বাচনত কংগ্ৰেছ জয়ী হলে মুখ্যমন্ত্ৰী হিচাপে ৰকিবুল হুছেইনৰ নাম প্ৰচাৰ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই তেওঁ কয়, “মোৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লালসা নাই। আনকি গৃহমন্ত্ৰী হোৱাৰো ইচ্ছা নাই। যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে আৰু দলে যদি মোক কোনো মন্ত্ৰীত্ব নিদিয়ে তেতিয়াও মোৰ কোনো আপত্তি নাই।”

আনহাতে এটা এটাকৈ দেশৰ সম্পদবোৰ বিক্ৰী কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশ চলাই আছে বুলি উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। লগতে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বৰঝাৰ বিমান বন্দৰটো ব্যক্তিগতকৰণ কৰা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰি এই সিদ্ধান্তক অতিশীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়।

আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা নেতা-কৰ্মীসকলে “আদানী-আম্বানীৰমতে দেশ নচলিব”, “ৰাজহুৱা সম্পদ ব্যক্তিগত কৰণ বন্ধ কৰক”, “নৰেন্দ্ৰী মোদী হুচিয়াৰ”, “সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ”, “বিজেপি চৰকাৰ হায় হায়”, “বণিয়া গোষ্ঠীৰ দপদপনি নচলিব”, “আদানী গ্ৰুপ মুৰ্দাবাদ” আদি শ্লোগানেৰে পৰিবেশস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কংগ্ৰেছ কমিটিয়ে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰীলৈ বিমানবন্দৰ ব্যক্তিগতকৰণৰ চুক্তি বাতিল কৰিবলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে বৰঝাৰ বিমান বন্দৰৰ চৌহদত থকা এয়াৰপ’ৰ্ট অথ’ৰিটি এম্পলয়িজ ইউনিয়ন (এ.এ.আই.ইউ) উদ্যোগটো বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত কৰণকলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Exit mobile version