গাহৰি নিধনৰ ফলত ক্ষতিগ্ৰস্ত গাহৰি পালকক দিয়া হ’ব ক্ষতিপূৰণ

WhatsApp Image 2020 08 25 at 3.27.37 PM

গাহৰিৰ “আফ্ৰিকান ছোৱাইন ফিভাৰ”ৰ গ্ৰাসত পৰা অঞ্চলৰ গাহৰিপালকসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৷ যিহেতু এই ৰোগৰ কোনো প্ৰতিষেধক ওলোৱা নাই, সেয়ে ইয়াক পুলিয়ে-পোখাই নাশ কৰি গাহৰিপালকসকলক অধিক লোকচানৰ পৰা ৰক্ষা কৰিবলৈ হ’লে আক্ৰান্ত অঞ্চলৰ গাহৰি নিধনৰ বাহিৰে অন্য উপায় নাই ৷

গাহৰি নিধনৰ সমগ্ৰ প্ৰক্ৰিয়াক লৈ আজি জনতা ভৱনত গাহৰিৰ “আফ্ৰিকান ছোৱাইন ফিভাৰ”ৰ গ্ৰাসত পৰা জিলাসমূহৰ উপায়ুক্ত আৰু জিলা পশু চিকিৎসা বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বিশেষ আলোচনাত মিলিত হয় কৃষিমন্ত্ৰী অতুল বৰা ৷ গাহৰি নিধনৰ ফলত ক্ষতিগ্ৰস্ত গাহৰিপালকসকলক “Direct Benefit Transfer(DBT)”ৰ জৰিয়তে ক্ষতিপূৰণ আদায় দিয়াৰ প্ৰক্ৰিয়াৰো বিশদ আলোচনা কৰে এই বৈঠকতে ৷ এই ৰোগ সমুলঞ্চে নিৰ্মূল কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপকভাৱে গাহৰিসমূহ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

লগতে, পশুপালন খণ্ডৰ প্ৰতি আগ্ৰহী যুৱচামক সহজে বেংকৰ ঋণ লাভ কৰাত সহায় কৰি তেওঁলোকক আত্মনিৰ্ভৰশীলতাৰ এক বাট মোকলাই দিবলৈ বৈঠকত উপস্থিত সকলোকে কৃষি মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷ আজিৰ এই বৈঠকত কৃষি মন্ত্ৰী বৰাৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত-সচিব, সঞ্চালক, বিভাগৰ অন্যান্য বিষয়া তথা “এমট্ৰন”ৰ প্ৰতিনিধিও উপস্থিত থাকে ।

Exit mobile version