সুশান্তৰ আত্মহত্যাৰ নতুন মোৰ

rhea chakraborty 232 0

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা তদন্তত জড়িত হৈ পৰিল ড্ৰাগছৰ প্ৰসংগ । কাৰণ অভিনেতাজনৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ আসক্ত বুলি তথ্য পোৱা গৈছে ৷ ৰিয়াৰ হোৱাটছএপত হোৱা কথা বতৰাৰ এখন তালিকা সংবাদমাধ্যমত প্ৰকাশ পাইছে ৷ এই তালিকাত থকা অনুসৰি ৰিয়াই গৌৰৱ নাম এজন ব্যক্তিৰ পৰা ড্ৰাগছৰ সন্দৰ্ভত মত বিনিময় কৰিছিল ।

অৱশ্যে ৰিয়াৰ অধিবক্তা সতীশ মানচিন্দেই দাবী কৰে যে ৰিয়াই জীৱনত কেতিয়াও ড্ৰাগছ লোৱাই নাই । সতীশে ইয়াৰ কাৰণে যিকোনো পৰীক্ষা কৰিবলৈ সাজু আছে ৷ দ্বিতীয়তে সুশান্তৰ ভগ্নী শ্ৰেতা সিং কীৰ্তিয়ে টুইটাৰ কয় যে এইয়া অপৰাধ । চিবিআইয়ে এই সন্দৰ্ভত অনতিপলমে ব্যৱস্থা ল’ব লাগে ৷

ইপিনে ৰিয়াৰ ফোনৰ পৰা উদ্ধাৰ হোৱা কথা-বতৰাসমূহ ৰিয়াই ডিলিট কৰি দিছিল । ৰিয়া আৰু গৌৰৱ নামৰ যুৱকজনৰ মাজত ড্ৰাগছক লৈ কথা-বতৰা হৈছিল । ২০১৯ৰ এপ্ৰিলত ৰিয়া আৰু সুশান্ত সিঙৰ প্ৰেমৰ কথা চৰ্চালৈ আহে । ইয়াৰ পিছত ৰিয়া সুশান্তৰ লগত লিভ ইনত থাকে ৷ চলিত বৰ্ষৰ ৮ জুনত ৰিয়া সুশান্তৰ ঘৰৰ পৰা হঠাতে গুচি যায় । আৰু ১৪ জুনত সুশান্তৰ শৰীৰ বান্দ্ৰাস্থিত বাসগৃহত উদ্ধাৰ হয় ৷

আনহাতে ৰিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰী গৌৰৱৰ কথাবোৰ এনেধৰণৰ – ২০১৭ত ৮ মাৰ্চত গৌৰৱক ৰিয়াই সুধে, যদি মই হাৰ্ড ড্ৰাগছৰ কথা কওঁ, তেন্তে মই বেছি ড্ৰাগছ লোৱা নাই । ৰিয়াই গৌৰৱক প্ৰশ্ন কৰে “তোমাৰ ওচৰত এম ডী আছে? এম ডি অৰ্থাৎ Methyl​enedioxy​methamphetamine, এবিধ ড্ৰাগছ । আনহাতে এবাৰ ৰিয়াই গৌৰৱৰ লগত মতবিনিময় কৰোতে অভিনেত্ৰী গৰাকীয়ে যে ড্ৰাগছ লয় সেই কথাও স্বীকাৰ কৰিছে । গতিকে গৌৰৱৰ লগত এইসমূহ কথা বাৰ্তাই প্ৰমাণ কৰে যে ৰিয়াই ২০১৭ৰ পৰা ২০২০ লৈকে ড্ৰাগছ লৈ আহিছে ৷

অৱশ্যে সাম্প্ৰতিক সময়ৰ ৰিয়া-গৌৰৱৰ কথা বতৰাৰ পৰা ৰিয়াই ড্ৰাগছ নিজৰ কাৰণে লৈছে নে আন কাৰোবাৰ কাৰণে লৈছে সেয়া স্পষ্ট হোৱা নাই ।উল্লেখযোগ্য যে ইডিয়ে ৰিয়াৰ পৰিয়ালৰ সকলো ফোন জব্দ কৰি ফৰেনছিক পৰীক্ষাগাৰলৈ দিওঁতেই এই ৰিয়াই ড্ৰাগছ লোৱা বিষয়টো উদ্ধাৰ হয় ।আনহাতে সুশান্তৰ ৰান্ধনী নীৰজ সিঙে মন্তব্য কৰিছিল যে সুশান্তে ড্ৰাগছৰ চিগাৰেট খাইছিল । নীৰজে কয় যে ৰিয়া, সুশান্ত আৰু তেওঁলোকৰ বন্ধু বান্ধবীসকলে প্ৰায়ে একেলগে পাৰ্টি কৰিছিল ।

Exit mobile version