পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত সৰৱ হৈ বিশ্বজুৰি পৰিচিত হৈ পৰা গ্ৰেটা থুনবাৰ্গে ভাৰতৰ আই আই টি আৰু মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আৰম্ভ হোৱা আন্দোলনত চামিল হয় ৷ তেওঁ কয় যে কৰ’না ভাইৰাছৰ তাণ্ডৱ আৰু ভয়াৱহ বানৰ সময়ছোৱাত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি অনুচিত হ’ব ৷ “মই ক’ভিড-১৯ ৰ বাবে JEE আৰু NEET ৰ পৰীক্ষা স্থগিত ৰখাৰ দাবীক সমৰ্থন কৰো ৷” টুইটাৰত কমেও ৪০ লক্ষাধিক অনুৰাগী থকা গ্ৰেটাই টুইটাৰত এই দৰে কয় । বিশ্বজুৰি তৰুণ প্ৰজন্মৰ পৰা এই টুইটে ব্যাপক সঁহাৰি লাভ কৰে ৷
আনহাতে আন একাংশই বিৰোধিতাও কৰিছে ৷ দেশজুৰি আই আই টি আৰু মেডিকেল পাঠ্যক্ৰমৰ বাছনি পৰীক্ষা বাতিলৰ বাবে বিগত দিনসমূহত দাবী অব্যাহত আছে ৷ অসম, বিহাৰ, গুজৰাট, কেৰেলা, কৰ্ণাটক আদিৰ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষা পিছুৱাবলৈ দাবী কৰিছে ৷ ইপিনে কেন্দ্ৰীয় মন্ত্ৰণালয়ে এই পৰীক্ষাসমূহ স্থগিত নৰখাৰ ক্ষেত্ৰৰ দৃঢ়তা প্ৰদৰ্শন কৰিছে ৷ কিন্তু মন্ত্ৰণালয়ে কয় যে অহা ছেপ্তেম্বৰৰ মাজভাগত অনুষ্ঠিত হ’বলগীয়া JEE আৰু NEET ৰ পৰীক্ষা পিছুওৱা নহ’ব । এই ক্ষেত্ৰত ইতিমধ্যে একাংশ লোক উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও এনে আবেদন ন্যায়ালয়ে নসাৎ কৰি কয় “জীৱন ৰুদ্ধ কৰিব নোৱাৰি ৷” ইপিনে ৰাষ্ট্ৰজোৰা তলাবন্ধৰ কালছোৱাত যোৱা মে’ত প্ৰথমবাৰৰ বাবে JEE আৰু NEET ৰ পৰীক্ষা প্ৰথমতে পিছুওৱা হৈছিল ।