ৰিয়া চক্ৰৱৰ্তীয়ে মোৰ ল’ৰাক বিহ খুৱাই হত্যা কৰিলে”: ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী সুশান্তৰ পিতৃৰ

sushant singh rajput married twice sanjay raut claims main

চিবিআইৰ তদন্তত চলি থকা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই ৰহস্যজনকভাৱে নতুন মোৰ লৈছে। চিবিআইৰ তদন্ত চলি থকাৰ সময়তে মাজতে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনাই সুশান্তৰ পিতৃ কেকে সিঙে কয় যে, “ৰিয়া চক্ৰৱৰ্তীয়ে মোৰ পুত্ৰ সুশান্তক বহু দিনলৈ বিহ দিছিল, ৰিয়াই সুশান্তৰ হত্যাকাৰী । তদন্তকাৰী এজন্সীটোৱে অতি শীঘ্ৰে তাইক আৰু সহযোগীসকলক গ্ৰেপ্তাৰ কৰিব লাগে ।” এক ভিডিঅ’ৰ জৰিয়তে সুশান্তৰ পিতৃ কেকে সিঙে এই কথা প্ৰকাশ কৰে।

ADVERTISEMENT

অন্যহাতে, সুশান্তৰ ভগ্নী শ্বেতায়ো সমগ্ৰ ঘটনাটো এক গুৰুতৰ অপৰাধ বুলি টুইটাৰযোগে ব্যক্ত কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনায়। উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ লগত এতিয়া ড্ৰাগছৰ বিষয়টো জড়িত হৈ পৰিছে । ৰিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰী গৌৰৱৰ লগত হোৱা হোৱাটচএপৰ যোগেদি হোৱা বাৰ্তালাপৰ পৰা ঘটনাৰ সন্দৰ্ভত বহু তথ্য পোহৰলৈ আহে। এই পৰ্যন্ত চিবিআইৰ দলটোৱে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানী, নিৰজ আৰু ৰিয়াৰ ভাতৃ শৌৱিক চক্ৰৱৰ্তীৰ লগত সোধ-পোচ অব্যাহত ৰাখিছে।

Exit mobile version