বুধবাৰে নিশা ধুবুৰীৰ এগৰাকী পশু চিকিৎসকৰ গুৱাহাটী জি এম চি এইচত মৃত্যু হয় । চিকিৎসক জনৰ নাম আব্দুল বাৰেক (৫১)। ধুবুৰী পশু চিকিৎসালয়ত কৰ্মৰত চিকিৎসক গৰাকীৰ ঘৰ ধুবুৰী জিলাৰ জৰুৱাৰ চৰ অঞ্চলত । জানিব পৰা মতে ডাঃ আব্দুল বাৰেকে ১৯৯৯ চনৰ ১৮ আগষ্টত চাকৰিত যোগদান কৰিছিল । কিন্তু চিকিৎসক গৰাকীয়ে যোৱা কিছু দিনৰ পৰা লিভাৰ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । কিন্তু হঠাৎ শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাৰ পিছত চিকিৎসক গৰাকীক যোৱা শুকুৰবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ নিয়া হয় ।
পিছত ক’ভিড টেষ্ট কৰাত চিকিৎসক জনৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে । লগে লগে তেওঁক ধুবুৰীৰ কিছমত হাচদহ মডেল হস্পিতালৰ ক’ভিড কক্ষত ভৰ্তি কৰোৱা হয়। ইপিনে চিকিৎসক গৰাকী ক্ৰমাৎ অসুস্থ হৈ পৰাত দেওবাৰে গুৱাহাটী জি এম চি এইচ লৈ প্ৰেৰণ কৰা হয় । যদিও যোৱা নিশা দুই মান বজাত চিকিৎসাধীন অৱস্থাত শেষ নিঃশ্বাস ত্যাগ কৰে চিকিৎসক আব্দুল বাৰেকে। মৃত্যুৰ সময়ত দুগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তানসহ পত্নী আৰু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
ইপিনে চিকিৎসক গৰাকীৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পিছদিনা তেওঁৰ পত্নী সহ তিনি সন্তানৰ ক’ভিড টেষ্ট কৰাত আটাইকেইজনৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰে । পিছত আটাইকেইজনক কিছমত হাচদহ মডেল হস্পিতালৰ ক’ভিড কক্ষত ভৰ্তি কৰোৱা হৈছে। চিকিৎসক গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ধুবুৰীৰ লগতে জন্মভূমি জৰুৱাৰ চৰ অঞ্চলত।