কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মুম্বাইস্থিত বাসগৃহত কৰ’না সংক্ৰমণ হোৱাৰ ফলত শনিবাৰে প্ৰভুকুঞ্জ বাসগৃহটো বি এম চি য়ে ছীল কৰে । শনিবাৰে লতা মংগেশকাৰৰ পৰিয়ালৰ তৰফৰ পৰা এক বিবৃত্তিযোগে কয় যে, প্ৰভুকুঞ্জ বাসগৃহটো ছীল কৰিছেনে নে নাই এই সন্দৰ্ভত আমালৈ বহু ফোনকল আহিছে । বাসগৃহটোত বহু প্ৰবীণ লোক আৰু বয়সস্থ লোক বাস কৰি আছে । সেয়ে সতৰ্কতামূলক ব্যৱস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয়। ছ’চাইটি আৰু বিএমচিৰ কৰ্তৃপক্ষ মিলি বাসগৃহটো ছীল কৰে।
ইয়াৰোপৰি বিবৃত্তিটোৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যসম্পৰ্কীয় কোনো অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ আৰু কোনো প্ৰতিক্ৰিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে । লতা মংগেশকাৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল এতিয়া সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, কেইদিনমানৰ আগত লতা মংগেশকাৰৰ পৰিয়ালে গণেশ পূজাও সামাজিক দূৰত্ব মানি অনুষ্টুপীয়াকৈ পালন কৰিছিল । যোৱা সপ্তাহত লতা মংগেশকাৰে নিজৰ বাসগৃহত গণেশ চতুৰ্থী পালনৰ এখন ফটো পোষ্ট কৰিছিল ।
আনহাতে, লতা মংগেশকাৰৰ বাসগৃহ ছীল কৰাৰ আগতেও অমিতাভ বচ্চন, অভিষেক বচ্চন, ঐশ্চৰ্য ৰায় আৰু তেওঁলোকৰ ৮ বছৰীয়া কন্যা কৰ’নাত আক্ৰান্ত হোৱাৰ ফলত অমিতাভ বচ্চনৰ বাসগৃহটো ছিল কৰিছিল ।
বলিউডৰ অভিনেত্ৰী ৰেখাৰ বাসগৃহতো চিকিউৰিটি ষ্টাফৰ দেহত ক’ভিড পজিটিভ পোৱাৰ বাবে মুম্বাই পৌৰনিগমে বাসগৃহটো ছীল কৰিছিল । আনহাতে, আমিৰ খান, প্ৰযোজক কৰণ জোহৰ আৰু বনি কাপুৰৰ ঘৰৰ ষ্টাফৰ সদস্যৰ দেহতো পোৱা গৈছিল ক’ভিড পজিটিভ।