মহামাৰী কৰ’নাৰ সন্ত্ৰাসৰ বাবে ঘোষণা কৰা তলাবন্ধৰ ফলত সমগ্ৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা প্ৰভাৱিত হৈছে । লগতে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ হৈ আছে । তলাবন্ধ আৰু মহাবিদ্যালয় বন্ধৰ সদব্যৱহাৰ কৰি স্বাৱলম্বিতাৰ পথ লাভ কৰিছে পশ্চিম গুৱাহাটীৰ পূৱ মাজিৰগাঁৱৰ হাতীপাৰা লক্ষীপথৰ নীহাৰিকা চৌধুৰী নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে ।
মিৰ্জাৰ দক্ষিণ কামৰূপৰ মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ স্নাতক চূড়ান্ত ষাম্নাষিকৰ ছাত্ৰী নীহাৰিকাই তলাবন্ধত নিজে কেক প্ৰস্তুত কৰি বিক্ৰীৰে স্বাৱলম্বিতা লাভ কৰিবলৈ সক্ষম হৈছে । মধ্যবিত্ত পৰিয়ালৰ মেধাৱী ছাত্ৰী নীহাৰিকাই বিগত বৰ্ষত কেক বনোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । লগতে কেক বনোৱা কাৰ্যত ব্যৱহৃত টাৰ্ণ টেবুল আৰু বিদ্যুৎ চালিত ব্লেণ্ডাৰ মেচিনটো প্ৰায় এবছৰ পূৰ্বে কিনি থৈছিল ।
কিন্তু সময়ৰ অভাৱৰ বাবে ইয়াক ব্যৱসায়িক ভাৱে আৰম্ভ কৰাত কিছু অসুবিধা হৈছিল। তলাবন্ধত মহাবিদ্যালয় বন্ধ থকাৰ সুযোগত নীহাৰিকাই যোৱা এপ্ৰিল মাহৰ পৰা কেক বনোৱা কাম আৰম্ভ কৰে। তলাবন্ধৰ বাবে বেকাৰী সমূহ বন্ধ থকাত পূৱ মাজিৰগাঁৱকে ধৰি কাষৰীয়া অঞ্চলৰ লোকসকলে জন্মদিন বা আন মাঙ্গলিক উৎসৱৰ বাবে প্ৰয়োজন হোৱা কেকৰ অৰ্ডাৰ এটা-দুটাকৈ নীহাৰিকাই লাভ কৰিবলৈ আৰম্ভ কৰে।
গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি ময়দা আৰু ফলেৰে বিভিন্ন সোৱাদযুক্ত কেক ২৫০ গ্ৰামৰ পৰা এক কেজি ওজন পৰ্যন্ত কেক প্ৰস্তুত কৰে নীহাৰিকাই। সাধাৰণতে এক কেজি ওজনৰ এটা কেক প্ৰস্তুত কৰিলে প্ৰায় ৩ ঘণ্টা সময় লাগে আৰু বিদ্যুৎ সংযোগ ব্যাহত নহ’লে প্ৰতিদিনে এক কেজি ওজনৰ চাৰিটা কেক প্ৰস্তুত কৰিব পাৰি বুলি কয় নীহাৰিকাই।
এটা এক কেজি ওজনৰ কেকৰ মূল্য এহেজাৰ টকা আৰু সকলো খৰছ বাদ দি প্ৰায় ৩০ শতাংশ লাভ অৰ্জন হয় বুলি উল্লেখ কৰি নীহাৰিকাই কয়, ” প্ৰথম অৱস্থাত মই ঘৰত খাবলৈ দুই এটা কেক বনাইছিলোঁ। এনেকৈ ওচৰ-চুবুৰীয়াৰ দ্বাৰা এই কথা প্ৰচাৰ হ’ল। তলাবন্ধত বেকাৰী সমূহ বন্ধ হৈ থকাৰ বাবে মই অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হলোঁ।
এই সময়চোৱাত সাৱধানতা অৱলম্বন কৰি ঘৰতে প্ৰস্তুত কৰা কেকৰ চাহিদা বৃদ্ধি হোৱাত মই প্ৰায় দৈনিক অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হলোঁ। মই মোৰ হাতৰ বিদ্যাৰ বাবে তলাবন্ধৰ সময়ছোৱাৰ সদব্যৱহাৰ কৰিবলৈ সক্ষম হৈ বহুত সুখী হৈছো।” এই সময়ছোৱাত কেক বিক্ৰী কৰি নিহাৰীকাই প্ৰায় পঞ্চাছ হাজাৰৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে।
এইক্ষেত্ৰত পিতৃ কমলেশ চৌধুৰী, মাতৃ দিপ্তী চৌধুৰী আৰু ভাতৃ হৃষীকেশ চৌধুৰীয়েও সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াইছে বুলিও কয় নীহাৰিকাই। উল্লেখ্য যে, উচ্চশিক্ষা গ্ৰহণৰ পিছত ভৱিষ্যতে চাকৰি লাভ নকৰিলে নীহাৰিকাই নিজাকৈ বেকাৰী খুলি ব্যৱসায় আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে।






























