মহানগৰীৰ তেঁতেলীয়াত ছয় লক্ষাধিক টকাসহ এজনক আটক

WhatsApp Image 2020 08 30 at 6.28.38 PM

মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেঁতেলীয়াত আজি আৰক্ষীয়ে ছয় লাখ ডেৰ হেজাৰ টকাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা লোকজন হাজোৰ ৰূষ্টম আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, বশিষ্ঠ আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত এ এছ ২৫ কিউ ৩৩১৮ নম্বৰৰ পালছাৰ বাইক এখনত সন্দেহজনক দুজন লোকক এটা বেগসহ প্ৰত্যক্ষ কৰে ।

আৰক্ষীয়ে লোকদুজনক তালাচীৰ বাবে ৰ’বলৈ সংকেত দিয়ে যদিও লোকদুজনে উক্ত সংকেত অমান্য কৰি বাইকখনেৰে তীব্ৰবেগে জালুকবাৰীৰ দিশলৈ পলায়ন কৰে। বশিষ্ঠ আৰক্ষীয়ে গড়চুক আৰু জালুকবাৰী আৰক্ষীৰ সহযোগত তেঁতেলীয়াত এজন লোকক আটক কৰে যদিও আনজন লোক পলায়ন কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত বশিষ্ঠ আৰক্ষীচকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে কয় যে, ” সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত দুজন লোকক এটা বেগসহ গৈ থকা দেখি সন্দেহবশতঃ তেওঁলোকক ৰ’বলৈ কওঁ। কিন্তু তেওঁলোকক তালাচী চলোৱাৰ পূৰ্বে বাইকেৰে তীব্ৰবেগে পলায়ন কৰে।

মই মোৰ গাড়ীচালকৰে সৈতে তেওঁলোকক অনুসৰণ কৰো। বৰগাঁৱৰ ট্ৰেফিকৰ ভিৰত তেওঁলোকক ধৰিবলৈ লওঁতেই পুনৰ পলায়ন কৰে। মই ইতিমধ্যে গড়চুক আৰু জালুকবাৰী আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিওঁ। অৱশেষত তেঁতেলীয়াত এজন লোকক বাইক আৰু টকাসহ আটক কৰিবলৈ সক্ষম হওঁ।”

আৰক্ষীয়ে জব্দ কৰা টকাখিনি চুৰি টকা বুলি সন্দেহ প্ৰকাশ কৰিছে। আনহাতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা আলীয়ে পলায়ন কৰা লোকজনৰ পৰিচয়ৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছে।

Exit mobile version